অসমসাংস্কৃতিক

নাট্যপ্রেমীৰ জনসমুদ্ৰত পৰিণত পাঠশালা

এফালে আৱাহন, আনফালে কহিনুৰ, ৰাজমুকুট

জনসমুদ্ৰত পৰিণত হৈছে নাট্যনগৰী পাঠশালা৷পুৱাৰে পৰা বজালীৰ লগতে বিভিন্ন প্ৰান্তৰ লোক আহি ভিৰ কৰিছেহি পাঠশালা নগৰত৷ এফালে ভ্ৰাম্যমাণ নাট্যদল আৱাহনৰ অস্থায়ী টিকট কাউন্টাৰত টিকট লোৱাৰ বাবে পুৱাৰে পৰা দীঘলীয়া শাৰী আনফালে কহিনুৰ আৰু ৰাজমুকুট থিয়টাৰতো একেই অৱস্থা৷ শাৰী পাতি হলেও কোনে ভাল টিকট লব পাৰে তাৰ যেন এক প্ৰতিযোগিতা চলিছে পাঠশালাত৷ মুঠতে পুৱাৰে পৰা নগৰখন অতি ব্যস্ত হৈ পৰাৰ লগতে সৃষ্টি হৈছে এক উখল মাখল পৰিবেশৰ৷ তিনিটা ভ্ৰাম্যমাণ নাট্যদলৰ সমাহাৰ ঘটিছে পাঠশালা নগৰত৷ উল্লেখযোগ্যযে যোৱা ২০ আগষ্টত পাঠশালাৰ ভগবতী ক্ষেত্ৰত শ্মশান সমিতিৰ আমন্ত্ৰণত শুভাৰম্ভ হোৱা আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহ প্ৰথম দিনৰে পৰা লোকাৰণ্য হৈ পৰাৰ লগতে দৰ্শক ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ সুদক্ষ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিনেতা যোগেশ কাশ্যপৰ দুৰ্দান্ত অভিনয়ৰ লগতে প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰে সাৱলীল অভিনয়ৰে দুদিন ধৰি মঞ্চস্থ হোৱা সন্ধ্যাতৰা নাটৰ সফল সামৰণিৰ পাছতে মেমচাহাব নাটকে দৰ্শক ৰাইজক যথেষ্টভাবে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷

প্ৰতিদিনে দুটাকৈ নাট্য দৰ্শনীৰ ব্যৱস্থা কৰাৰ লগতে মেমচাহাব নাটত প্ৰস্তুতি পৰাশৰৰ দ্বৈত চৰিত্ৰৰ অভিনয়ে সঁচা অৰ্থত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে দৰ্শকৰ পাৰভঙা উচাহ পৰিলক্ষিত হৈছে৷ ইপিনে উদয়ন সংঘৰ আমন্ত্ৰণত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা ৰাজমুকুট থিয়েটাৰতো একেই অৱস্থা৷ পুৱাৰে পৰা নাটক উপভোগ কৰাৰ বাবে টিকটৰ দীঘলীয়া শাৰী৷ সুদক্ষ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ, নৱ কাশ্যপৰ দুৰ্দান্ত অভিনয়ে দৰ্শক ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে যোৱা ২৩ আগষ্টৰ পৰা পাঠশালা নগৰ সমিতিৰ খেলপথাৰত চলি থকা কহিনুৰ থিয়েটাৰৰ নাট চাবলৈও হেতা ওপৰা লাগিছে দৰ্শক ৰাইজৰ মাজত৷ বিশেষকৈ সুদৰ্শনা অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰবৰ্তী,অভিনতা দেৱজিৎ মজুমদাৰ,অৰূপ বৈশ্যৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ তিনিওখন থিয়েটাৰৰে নাটৰ পাঠশালাৰ অলিয়ে গলিয়ে দৰ্শকৰ মুখে মুখে চলিছে আলোচনা সমালোচনা৷ কাৰ নাট কিমান ভাল হ’ল, কোন অভিনেতা, অভিনেত্ৰীৰ অভিনয় ভাল হৈছে, কোনখন থিয়েটাৰত বেছি দৰ্শক হ’ল ইত্যাদি ইত্যাদি৷ মুঠতে নাটকৰ জনসমুদ্ৰত পৰিণত হৈছে পাঠশালা নগৰ ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close