অসম

নাগশংকৰত ষ্টেডিয়ামৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই

চন্দন শৰ্মা, জামুগুৰিহাট

১৯৯৭ চনতেই আধাৰশিলা কৰা নাগশংকৰ ক্ৰিয়া সন্থাৰ ষ্টেডিয়ামখন মুখ্যমন্ত্ৰীৰ চিগনেচাৰ আঁচনিৰ অধিনত আমন্ত্ৰণ পোৱা ১০ কোটি টকাৰে ছয় মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাকৈ আজি ভূমি পূজন আৰু কামৰ শুভাৰম্ভ কৰে চতিয়া বিধান সভা সমষ্টি তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকাই । চতিয়া সমষ্টিৰ অন্তৰ্গত নাগশংকৰত ২২ বিঘা অঞ্চল যুৰি ১০ কোটি টকাৰ ব্যয় সাপেক্ষে অত্যাধুনিকৰূপে ষ্টেডিয়ামখনি নিৰ্মাণ হ’ব । উক্ত ষ্টেডিয়ামখনত থাকিব ক্ৰিকেট, ফুটবল, বাস্কেট বল, হকী, চুইমিং পুল, হ্ৰছ ৰাইডিং খেলৰ সু-ব্যৱস্থা । বিধায়ক পদ্ম হাজৰিকাৰ প্ৰশংসনীয় পদক্ষেপক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close