ক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

নন টাৰ্ৰাব্বিয়াৰ-লুডু

সৌৰভ জ্যোতি গােস্বামী

বর্তমান সময়ত বিশ্বৰ এক অন্যতম জনপ্রিয় খেল হৈছে লুডু।। বিশেষকৈ গ্রীষ্মকাল আৰু শীতকালত এই খেলৰ গুৰুত্ব অধিক। ইয়াৰ কাৰণাে অৱশ্যে নথকা নহয়। লুডু খেলৰ বাবে অধিক ঠাইৰ প্রয়ােজন নহয়। সেইবাবে ঘৰৰ চৌহদত অথবা যিকোনাে মুকলি ঠাইত এই খেল খেলিব পাৰি। পূর্বে এই খেল লুডুৰ বিশেষ ব’র্ডত খেলা হৈছিল যদিও বর্তমান সময়ত এই খেল ম’বাইলতাে খেলা দেখিবলৈ পােৱা যায়। গাঁও, নগৰ সকলােতে এই খেলবিধৰ এক বিশেষ গুৰুত্ব আছে। কিছুবছৰ পূর্বে আমাৰ টেলিভিছন অর্থাৎ দূৰদৰ্শনত যেতিয়া ৰামায়ণ, মহাভাৰত,শক্তিমান আদিৰ দৰে মেগা চিৰিয়েলৰ সম্প্ৰচাৰ হৈছিল সেইসময়তাে বহুতে বাণিজ্যিক বিৰতিৰ সময়ত লুডু খেলিছিল। হয়তাে তেনেদৰেই ভাৰতবৰ্ষত খেলবিধ জনপ্রিয় হৈছিল। বর্তমান সময়তাে সেই জনপ্রিয়তা কোনােগুণে কমা নাই।

লুডু হৈছে দুজন অথবা চাৰিজন খেলুৱৈ একেলগ হৈ খেলা এক বিশেষ পৰিকল্পনাৰ খেল। লুডু শব্দটো আহিছে লেটিন শব্দ ‘লুডাে’ৰ পৰা। ভাৰতীয় খেল ‘পাচিছী’ৰ পৰা এই খেলৰ উৎপত্তি। বিভিন্ন দেশত এই খেল ভিন্ন নামেৰে জনাজাত। উত্তৰ আমেৰিকাত এই খেলৰ নাম আছিল ‘পাৰচিছী। স্পেইনত এই খেল ‘পাচিছ’ হিচাপে জনাজাত হােৱাৰ বিপৰীতে কলম্বিয়াত এই খেল ‘পাৰকোৱেজ’ হিচাপে প্রসিদ্ধ হৈছিল। ইটালীত এই খেলৰ নাম আছিল নন টাৰ্ৰাব্বিয়াৰ। আকৌ, পােলেণ্ডত এই খেল ‘চিনচিজিক’ হিচাপে জনাজাত হৈছিল। মােগল সম্রাট আকবৰেও এই খেল খেলিছিল। ১৮৯৬ চনত ইংলেণ্ডত এই খেলৰ আৰম্ভণি হৈছিল। লুডুত হালধীয়া, সেউজীয়া, ৰঙা আৰু নীলা এই চাৰিটা ৰং থাকে। প্রতিজন খেলুৱৈৰ এটা বিশেষ ৰঙৰ চাৰিটা টোকেন থাকে। এই খেলৰ ব’ৰ্ডখন বর্গীয় আকৃতিৰ হয়। প্রতিজন খেলুৱৈয়ে নিজৰ খেল আৰম্ভ কৰাৰ বাবে ডাইচত থকা ছয় পােৱাটো জৰুৰী। দেশভেদে এই খেল ভিন্নধৰণে খেলা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close