অসমবিশেষশীৰ্ষ

নদুৱাৰৰ বাকোলা গাঁৱৰ চফিকা আহমেদৰ ডক্তৰেট ডিগ্ৰী লাভ : উৎফুল্লিত গাঁওবাসী

চন্দন শৰ্মা, জামুগুৰিহাট

শোনিতপুৰ জিলাৰ নদুৱাৰ অঞ্চলৰ বাকোলা গাঁও নিবাসী চফিকা আহমেদে ডক্তৰেট ডিগ্ৰী লাভ কৰাত উৎফল্লিত হৈছে গাঁও বাসী । ডক্টৰেট ডিগ্ৰী লাভ কৰা বাকোলা অঞ্চলৰ একমাত্ৰ মহিলা চফিকা আহমেদ তেজপুৰ নিবাসী ৺তমজিদৰ ৰহমান আৰু মেৰিয়াৰা আহমেদৰ কন্যা তথা নদুৱাৰ অঞ্চলৰ বিশিষ্ট যুৱ সমাজকৰ্মী চাদুদ্দিন আহমেদ (বুলু) ৰ পত্নী ৷ তেজপুৰস্থিত দৰং মহাবিদ্যালয়ৰ চচিয়লজি বিভাগৰ প্ৰৱক্তা ড° চফিকা আহমেদে “Education of Muslim Women:A study in Bhojkhowa Chapori of Sunitpur District of Assam” বিষয়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ Sociology বিভাগৰ অধ্যাপক ( Supervisor) ড°ৰবিন ডেকা আৰু অধ্যাপিকা (Co-Supervisor) ড°নিৰ্মালী গোস্বামীৰ তত্ত্বাৱধানত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ৷ অঞ্চলটোৰ ৰাইজে ড° চফিকা আহমেদৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close