আন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

নৈৰ বুকুত ইতিহাসে ৰিঙিয়াই

এসময়ৰ এখন খৰস্রোতা নৈ। কিন্তু এতিয়া যেন নৈখনৰ বক্ষস্থলত পানী বুলিবলৈ কেৱল ১৫ ইঞ্চিৰ এটি পানীস্তৰহে। পানী শুকাই গ’লেও নৈখনে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰিছে। কিয়নাে খৰাং হৈ পৰা নৈৰ বুকুত উদ্ধাৰ হৈছে বহু ঐতিহাসিক যুগৰ সােণ-ৰূপৰ মুদ্রা। হাংগেৰিৰ দানিউৰ নৈত এই অনুৰূপ ঘটনাটো সংঘটিত হৈছে। বর্তমানলৈকে প্রত্নতত্ববিদসকলে উদ্ধাৰ কৰিছে প্রায় দুহেজাৰতকৈ অধিক মুদ্রা। কেৱল সােণৰূপৰ মুদ্ৰাই নহয় প্রাচীন যুগৰ বহু অস্ত্র-শস্ত্র তথা বৰতােপ আদিও উদ্ধাৰ কৰিছেনদীৰ বুকুৰ পৰা। ইউৰােপৰ অন্য নদীসমূহৰ দৰে দানিউৰ অধিকাংশই এতিয়া শুকাই পৰিছে। বুদাপেষ্টৰ দক্ষিণ এক চহৰৰ যি অংশত নৈখন বৈ গৈছে সেই অংশতে উদ্ধাৰ হৈছে এই ঐতিহাসিক যুগৰ মুদ্রাসমূহ।

নদীৰ পানী স্তৰ বৃদ্ধি পােৱাৰ পূর্বেই এই অভিযান সম্পন্ন কৰিব বুলি ইতিহাসবিদসকলে মন্তব্য আগবঢ়ায়। প্রাচীন যুগৰ এই সমূহ মুদ্ৰাক লৈ যথেষ্ট উৎসুক গৱেষকসকল। প্রত্নতত্ববিদসকলৰ মতে এইসমূহ মুদ্ৰাৰ ৯০ শতাংশই হ’ল ১৬৩০-১৭৪৩ চনৰ আৰু এইসমূহ মুদ্রা তৈয়াৰ কৰা হৈছিল নেদাৰলেণ্ডত। নেদাৰলেণ্ডৰ সমান্তৰালকৈ ফ্রান্স, জুৰিখ আৰু ভেটিকানৰাে মুদ্রা উদ্ধাৰ কৰা হৈছে। দানিউব নৈৰ ওচৰৰ বুদাপেষ্টটো প্রাচীন সেঁতুৰ ধ্বংসাৱশেষ দেখিবলৈ পােৱা গৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চিদৰ আক্ৰমণত এই সেতুখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল। নৈখনত উদ্ধাৰ হােৱা মুদ্রাসমূহ ২২ কেৰেটৰ হাংগেৰিয়ান মুদ্ৰাৰ উপৰি ফ্ৰান্সৰ মুদ্রাসমূহ যে ১৬০০ শতিকাৰ ষােড়শ লুইয়ৰ যুগৰ বুলি নিশ্চিত কৰিছে গৱেষকসকলে। ইয়াৰ উপৰি ১৭০০-১৮০০ শতিকাৰ ইউৰােপৰ অন্য দেশৰ মুদ্রাও উদ্ধাৰ হৈছে এই নদীখনত। ফেৰেঞ্জি মিউজিয়ামৰ অধিকর্তা গাবৰ গুলিয়াছে এখন সাংবাদিক সন্মিলনত এই তথ্য পােহৰলৈ আনে। প্রথমাৱস্থাত এগৰাকী প্রত্নতত্ববিদে মেটেল ডিটে”ৰৰ সহায়ত এই গুপ্ত ধনৰ সন্ধান উলিয়ায়। ইয়াৰ পিছতে ইটোৰ পিছত সিটো উদ্ধাৰ হয় পুৰণী সামগ্রী। মুদ্রাসমূহৰ ভিতৰত ১৭৪৩ চনৰ অষ্ট্রিয়াৰ সম্রাজ্ঞী মাৰিয়া থেৰেচৰ দিনৰাে কিছু মুদ্রা উদ্ধাৰ কৰা হয়। মিউজিয়াম কর্তৃপক্ষৰ অনুমান এই নৈত ঐতিহাসিক যুগৰ জাহাজৰ ধ্বংসাৱশেষাে উদ্ধাৰ কৰা যাব। ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে দলটোৱে। শেহতীয়াকৈ উদ্ধাৰ হােৱা ঐতিহাসিক যুগৰ সামগ্ৰীসমূহ ২০২০ চনৰ এখন প্রদর্শনীত প্রদর্শন কৰা হ’ব বুলি মিউজিয়াম কর্তৃপক্ষই সদৰী কৰে। এই প্রদর্শনীখন হাংগেৰীৰ অন্য অংশত প্রদর্শন কৰা হ’ব। দানিউব নৈখন জার্মানী, অষ্ট্রিয়া, হাংগেৰী, চার্বিয়া, ৰােমানিয়াকে আদি কৰি মুঠ দহখন দেশৰ মাজেৰে বৈ গৈছে। সম্প্রতি স্বর্ণমুদ্রাসমূহ য’ত উদ্ধাৰ কৰা হৈছে সেই অংশত নৈখন সম্পূর্ণরূপে শুকাই গৈছে। এই ঠাইডােখৰ বুদাপেষ্ট চহৰৰ পৰা প্রায় ২৫ কিঃমিঃ দূৰত অৱস্থিত। উল্লেখ্য যে, নৈৰ বুকুত এইদৰে ঐতিহাসিক যুগৰ সামগ্রী উদ্ধাৰ হােৱা ঘটনাই বর্তমান সকলােকে আচম্ফিত কৰি তুলিছে। সেই মুদ্ৰা কৰ পৰা এই নদীত আহিল সেই বিষয়েও প্রশ্ন উত্থাপিত হৈছে। সমগ্র বিষয়বস্তুক লৈ বর্তমান গৱেষণা অব্যাহত ৰখা হৈছে। এক কথাত ক’বলৈ গ’লে এই ঐতিহাসিক যুগৰ সামগ্ৰীয়ে অন্য এক দিশৰ উন্মােচন কৰাৰ লগতে সেই ঐতিহাসিক যুগৰ সামগ্ৰীৰ সৈতে নতুনকৈ সমগ্র বিশ্ববাসীক পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close