অসম

নগাঁৱত শংকৰদেৱৰ জন্মোৎসৱ পালন

কামপুৰৰপৰা ৰূপ জ্যোতি ভূঞা, ভাল খবৰ: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ ভিন্ন প্ৰান্ততো অনুষ্ঠিত হৈছে গুৰু জনাৰ ৫৭০ সংখ্যক জন্ম জয়ন্তী। নগাঁৱৰ দক্ষিণপাট এক শৰণ ভাগৱতী সমাজে উলহ মালহৰে পালন কৰিছে মহাপুৰুষ জনাৰ জন্ম জয়ন্তী ৷

পুৱাৰে পৰা ভকত বৈষ্ণৱ সকল একত্ৰিত হৈ খোল প্ৰসঙ্গ কৰাৰ পাছত এক ভাগৱত শোভাযাত্ৰা বাহিৰ কৰি হৰি নামৰ ধ্বনিত মুখৰিত কৰি তুলে। ইফালে কামপুৰ কেন্দ্ৰীয় নামঘৰৰ লগতে কামপুৰৰ ঐতিহাসিক ৰত্নাৱলী থান, কাৱৈমাৰীৰ বিষ্ণুপুৰি থান আৰু ইতিহাস প্ৰসিদ্ধ মাধৱ থানটো দিনজোৰা কাৰ্যসূচীৰে পালন কৰে গুৰু জয়ন্তী।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close