অসমবিশেষশীৰ্ষ

ধুবুৰীত ক’ৰোনাৰ সজাগতা সভা

অসমৰ অগ্ৰনী সাহিত্য-সাংস্কৃতিক তথা পৰিৱেশ সচেতন সংগঠন উত্তৰ পুৰুষৰ মঞ্চৰ ধুবুৰী শাখা আৰু ৩৯০ নং চৰভাসানী ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ যৌথ উদ্যোগত আজি ধুবুৰীৰ গ্ৰামীণ অঞ্চলত বিশ্বসন্ত্ৰাস ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সতৰ্ক আৰু সজাগ হ’বলৈ চৰকাৰী নিৰ্দেশ অনুসৰি প্ৰদান কৰা সাৱধানতা সমূহ ৰাইজক ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত অৱগত কৰে।সংগঠনটোৰ মুখ্য সম্পাদক দিবাকৰ ৰেণু আৰু ৩৯০ নং চৰভাসানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আনিচুল হকৰ নেতৃত্বত ওলোৱা এই সজাগতা কাৰ্য্যসূচীত সতৰ্ক পত্ৰ বিতৰণ কৰাৰ উপৰিও ৰাইজক চৰকাৰী নিয়ম অনুসৰি সতৰ্ক হ’বলৈ কোৱা হয়।উল্লেখযোগ্যযে বিদ্যালয় কৰ্তৃপক্ষ আৰু উত্তৰ পুৰুষৰ মঞ্চৰ সদস্য সকলে গ্ৰামাঞ্চলত ঘৰে ঘৰে গৈ ক’ৰোনা ভাইৰাছৰ পৰা ৰাইজক আতংকিত নহ’বলৈ অনুৰোধ জনোৱাৰ লগতে মাক্স পৰিধান কৰা,হাত ধোৱা আদি বিভিন্ন বিষয় বৈজ্ঞানিক দৃষ্টিকোণেৰে ৰাইজক বুজাই দিয়ে।উত্তৰ পুৰুষৰ মঞ্চ আৰু বিদ্যালয়খনৰ এই কাৰ্য্যসূচীক সচেতন ৰাইজে সাধুবাদ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close