অসমবিশেষশীৰ্ষ

দৰংগিৰিত বিভিন্ন ভাষা-ভাষী সাহিত্যিকৰ সমাহাৰ

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ কলনগৰী দৰংগিৰিত অলপতে সমাহাৰ ঘটে বিভিন্ন ভাষা-ভাষী সাহিত্যিকৰ ।দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখনি গ্ৰন্থ উন্মোচনী সভাত সমাহাৰ ঘটে সাহিত্যিক সকলৰ । উক্ত গ্ৰন্থ উন্মোচনী সভাত দৰংগিৰিৰ কবি অলকা ৰাভাৰ কাব্য গ্ৰন্থ “এটা নতুন দিনৰ প্ৰতীক্ষাত” উন্মোচন কৰা হয় ৷ অভয়াপুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা মৰমী বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখনি উন্মোচন কৰে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই । গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত তেওঁ কয় যে, যি কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব লাগিলে প্ৰথমতে আমাক লাগিব শিক্ষা। শিক্ষা অবিহনে সকলো বৃথা । সেয়ে শাসনাধিষ্ঠিত চৰকাৰ খনে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে । ইয়াৰ পূৰ্বে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই পৰাগজ্যোতি প্ৰকাশণৰ সচিব দীপক শৰ্মাই কয় যে, গ্ৰামাঞ্চলত বহু প্ৰতিভা লুকাই থাকে । সেই লুকাই থকা প্ৰতিভা সমূহক আমি উলিয়াই আনি ৰাইজৰ মাজত স্থান দিব লাগিব । সেই প্ৰয়াসেৰে দৰংগিৰিত আয়োজন কৰা হৈছে অলকা ৰাভাৰ গ্ৰন্থ উন্মোচনী সভা ।সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিষ্ণু প্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি লক্ষীন্দৰ সিংহই কয় – আমি সকলোৱে আমাৰ নিজৰ নিজৰ ভাষা শৈলীৰে নিজক পৰিচয় দিব লাগে ।সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত সকলোৰে নিজস্ব ভাষা শৈলী থাকে । যেনেদৰে নৱকান্ত বৰুৱাই তেওঁৰ সাহিত্য সৃষ্টিত নিজৰ ভাষা শৈলী নিজৰ ধৰণে প্ৰয়োগ কৰি সকীয়া পৰিচয় দাঙি ধৰিছে । তদ্ৰুপ দেৱকান্ত বৰুৱাও তেওঁৰ নিজৰ ধৰণে ভাষা শৈলী প্ৰয়োগ কৰি সাহিত্য সৃষ্টি কৰিছে । অলকা ৰাভাও তেওঁৰ কাব্য গ্ৰন্থত সহজ-সৰল ভাষাৰে তেওঁৰ মনৰ ভাৱ, অনুভূতি সুন্দৰ ভাবে প্ৰকাশ কৰিছে । তেওঁ আৰু কয়, অন্যই নকোৱা ভাষা আমি নিজৰ শৈলীৰে প্ৰকাশ কৰি নিজৰ পৰিচয় দাঙি ধৰিব লাগে । লগতে তেওঁ কয়,আমাক বিভিন্ন ভাষা-ভাষী লোকৰ এক সমন্বয়ৰ প্ৰয়োজন । সেয়ে মই দৰংগিৰিলৈ দৌৰি আহিছো ।তদুপৰি সভাত লেখিকা- অভিনেত্ৰী তৃষ্ণা পেগু দলে,ডাঃ মণিকুন্তলা চৌধুৰী, দীপিকা হাজোৱাৰী প্ৰমুখ্যে কেবাগৰাকী লেখক-লেখিকা তথা ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে । ইপিনে অনুষ্ঠানটি এটি গোৱালপৰীয়া লোকগীতেৰে শুভাৰম্ভ কৰে পূৰ্ণিমা চৌধুৰীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close