অসমবিশেষশীৰ্ষ

দুধনৈ প্ৰেছ ক্লাৱৰ উদ্যোগত জাপানীজ এনকেফেলাইটিছ টিকাকৰণ শিবিৰ

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

দুধনৈ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু গোৱালপাৰা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ সহযোগত ৪ ফেব্ৰুৱাৰীত দুধনৈ প্ৰেছ ক্লাৱ প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধী টিকাকৰণ শিৱিৰ অনুষ্ঠিত হয় ৷ ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ এই প্ৰতিৰোধী টিকাকৰণ দিয়া ব্যৱস্থা কৰা হয় ৷ দুধনৈ এফ আৰ ইউ চিকিৎসালয়ৰ ডা৹ ডিম্বেশ্বৰ বসুমতাৰীয়ে ফিটা কাটি জাপানীজ এনকেফেলাইিছ টিকাকৰণৰ শিৱিৰ মুকলি কৰে ৷ ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ ব্যক্তিয়ে শিবিৰত অংশগ্ৰহণ কৰি টিকা লয় ৷ টিকাকৰণ শিবিৰত জাপানীজ এনকেফেলাইটিছ টিকাকৰণ কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যবেক্ষক ডা৹ নৃপেন ডেকা, জিলা মেলেৰীয়া বিষয়া ডা৹ উজ্জ্বল কুমাৰ শৰ্মা, ৰংজুলি খণ্ড প্ৰাথমিক স্বাস্থকেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা৹ প্ৰবীণ কুমাৰ ৰাভা, দুধনৈ প্ৰেছ ক্লাবৰ উপ-সভাপতি বিপ্লৱ ভট্টাচাৰ্য, প্ৰচাৰ সম্পাদক ভবেশ চন্দ্ৰ ভাগৱতী সদস্যত্ৰয় ক্ৰমে চিৰঞ্জীৱ চক্ৰৱৰ্তী,খগেন্দ্ৰ ৰাভা আৰু জয়চন্দ্ৰ ৰাভা উপস্থিত থাকি শিবিৰটো চোৱাচিতা কৰাৰ লগতে টিকাকৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা ব্যক্তি সকলৰ লগত মত-বিনিময় কৰে ৷ শিবিৰত অংশ গ্ৰহণ কৰা ব্যক্তিসকলৰ মাজত উচ্চ ৰক্তচাপ, ডায়বেটিচ আৰু এলাৰ্জী বা কাহ চৰ্দী জাতীয় ৰোগত ভোগা ব্যক্তি সকলক টিকাকৰণ নকৰি তেওঁলোকক দুধনৈ এফআৰইউত চিকিৎসকৰ পৰামৰ্শ লৈ টিকাকৰণ কৰিবলৈ আহ্বান জনায় ৷ শিবিৰটোত স্বাস্থ্যকৰ্মী ক্ৰমে জীতুমণি দাস, তপন ব্ৰহ্ম, অলকাশ আলী, কল্পনা ৰাভা, মীনা শৰ্মা, সৰলা ৰাভা, অৰ্পিতা ৰয়, পদুমী নাথ আৰু ভায়োলীনা ৰয়ে সহযোগিতা আগবঢ়ায় ৷ উক্ত শিবিৰত পুৰুষ-মহিলা সহ প্ৰায় দুশ ব্যক্তিয়ে অংশগ্ৰহণ কৰি টিকা লয় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close