অসমবিশেষশীৰ্ষ

দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলন অধিৱেশনৰ সামৰণি অনুষ্ঠান

মূখপত্ৰ বহুৰঙী-তামব্ৰং স্মৃতিগ্ৰন্থ উন্মোচন

ৰাভা হাছং পৰিষদৰ এলেকাত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ উপৰিও অসমৰ বিভিন্ন অঞ্চল তথা মেঘালয়, পশ্চিমবংগত বসবাস কৰা সকলো ৰাভা জনগোষ্ঠীক লগত লৈ অতি শীৰ্ঘে এক সন্মিলন অনুষ্ঠিত কৰি বিভিন্ন সমস্যা সমাধানৰ হকে ৰাভা হাছং পৰিষদে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব- এই মন্তব্য ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ ৷

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ ৰেচুৰ জংলাপাৰাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মকুলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য ব্যক্ত কৰাৰ লগতে কয় যে, ৰাভা হাছং পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত হলে অসমৰ ৰাভা সমাজৰ লগতে মেঘালয় আৰু পশ্চিমবঙ্গত বসবাস কৰা ৰাভা লোক সকলো আভ্যন্তৰিণ সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব ৷ মেঘালয়ত বসবাস কৰা ৰাভা সকলৰ সমস্যা সমাধানৰ হকে ৰাভা হাছং পৰিষদে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে অতি সোনকালে আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ হকে পদক্ষেপ লব আৰু থাপা অঞ্চলত দীৰ্ঘ দিনেৰে পৰা জৰাজীৰ্ণ হৈ থকা কাৰ্যালয় নিৰ্মাণৰ হকে পৰিষদৰ পৰা এক মাহৰ ভিতৰত ২ লাখ টকা আৰ্থিক সাহাৰ্যৰ ঘোষণা কৰে আনকি মেঘালয়ৰ ৰাভা শিল্পী, সাহিত্যিক সকলকো ৰাভা হাছং পৰিষদৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি ব্যক্ত কৰে টংকেশ্বৰ ৰাভাই ৷ ইফালে মকুলি সভাত বিশিষ্ট অতিথি হিচাপে মেঘালয়ৰ বিধানসভাৰ উপাধ্যক্ষ টি ডি চিৰাই উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, বৰ্তমান সময়ত ৰাভা জনগোষ্ঠীৰ লোক সকলে প্ৰতিটো দিশতে আগুৱাই যাবলৈ সক্ষম হৈছে ৷ শিক্ষা-দীক্ষা, কৃষ্টি-সংস্কৃতি, অৰ্থনীতি, ৰাজনৈতিক, সামাজিক ক্ষেত্ৰত ৰাভা জনগোষ্ঠীয়ে বিশ্ববাসীৰ ওচৰত নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে বুলি ভাষণ প্ৰদান কৰে ৷ দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ সভাপতি দেবেন্দ্ৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত মকুলি সভাত বিশিষ্ট অতিথি হিচাপে ৰাভা হাছং পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভা, সন্মিলনৰ উপদেষ্ট খনিন্দ্ৰ নাথ সৰকাৰ ৰাভা, মেঘালয় ৰাভা জাতীয় সেৱা সংঘৰ সভাপতি চন্দেশ বাকছাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকি ভাষণ দাঙি ধৰে ৷ আনহাতে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাৰ ৰেচুৰ জংলাপাৰাত ৭ ফেব্ৰুৱাৰীৰ পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে ৷ থাপা আঞ্চলিক ৰাভা জামাতৰ সৌজন্যত অনুষ্ঠিত দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ অধিৱেশনত ৰাভা জাতীয় সাজপাৰ তথা পাজাৰ আৰু কাম্বাঙৰ ৰঙেৰে উদুলি-মুদুলি হৈ পৰে অধিৱেশনস্থলী সমৰসিং ৰাভা সমন্বয় ক্ষেত্ৰ ৷ অসম-মেঘালয় সন্মিলিত ৰাভা সামাজিক অনুষ্ঠান দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণৰ লগতে ৰাভা সকলৰ জাতীয় সমস্যা, কৃষ্টি-সংস্কৃতি, সমাজ ব্যৱস্থা, ধৰ্মীয় ৰীতি-নীতি, আৰ্থ-সামাজিক, শিক্ষা-দীক্ষাকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিশদ ভাৱে আলোচনা কৰা হয় ৷আনকি ৰাভা মহিলা সবলীকৰণৰ ক্ষেত্ৰতো “শৈক্ষিক আৰু বাণিজ্যিক দিশত ৰাভা মহিলাৰ ভূমিকা” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় অধিৱেশনত ৷ আনহাতে অধিৱেশনৰ লগত সংগতি ৰাখি সন্মিলনৰ মুখপত্ৰ “বহুৰঙি” আৰু তামব্ৰং নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ মকুলি সভাত বিশিষ্ট অতিথি হিচাপে ৰাভা হাছং পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ ৰাভা, দুধনৈ শিক্ষাখণ্ডৰ বিষয়া ৰীতা ৰাভাকে ধৰি কেইবা গৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close