অসমসাংস্কৃতিক

দুধনৈৰ ৰাভা সাহিত্য চ’ৰাত দীক্ষুৰ গীতৰ শৰাই : কেইবাটাও জনপ্ৰিয় গীতেৰে অনুষ্ঠান জীপাল

খগেন্দ্ৰ ৰাভা

ঐতিহ্যমণ্ডিত দুধনৈ কলেজত অসমৰ জনপ্ৰিয় শিল্পী দিক্ষু শৰ্মাৰ অনুষ্ঠান ৷ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে নৃত্য পৰিবেশন কৰে শিল্পী দীক্ষুয়ে ৷দুধনৈ কলেজত ৰাভা ছাত্ৰ-ছাত্ৰী সকলে প্ৰতি বছৰে নৱাগত ছাত্ৰ-ছাত্ৰী সকলক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাভা সাহিত্য চ’ৰা অনুষ্ঠিত কৰি আহিছে ৷ এইবেলিও ১৯ তম বাৰ্ষিক ৰাভা সাহিত্য চ’ৰা অনুষ্ঠান আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকুলি সভাৰ বিপৰীতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি শিল্পী দীক্ষুয়ে অংশগ্ৰহণ কৰি নিজৰ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close