অসমবিশেষশীৰ্ষ

দুধনৈত ৰাভা লোক কৃষ্টিৰ পটভুমিত “সাংস্কৃতিকী” শীৰ্ষক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগ আৰু দুধনৈ সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত দুধনৈ জনমন্দিৰ প্ৰেক্ষাগৃহত ৰাভা লোক কৃষ্টিৰ পটভুমিত “সাংস্কৃতিকী” শীৰ্ষক এটি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰ প্ৰাপ্ত উপ-সঞ্চালক মুকুল ৰাভাই আঁতধৰা অনুষ্ঠানটি এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ৷ অনুষ্ঠানটো শুভাৰম্ভ কৰিযে, দীপক ৰাভাই ভাষণ প্ৰসংগত কয় যে, এনেকুৱা কাৰ্যসূচীয়ে এটা জনগোষ্ঠীৰ বাৰে-ৰহণীয়া লোককৃষ্টিৰ বিকাশ সাধনত যথেষ্ট উৎসাহ যোগাব পাৰে ব্যক্ত কৰে ৷ আনহাতে অনুষ্ঠানটোৰ আৰম্ভণিতে উদীয়মান কণ্ঠ শিল্পী দুলুমণি ৰাভাই ৰাভা গীত পৰিৱেশন কৰে ৷ ইয়াৰ পাছতে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি “ৰাভা লোককৃষ্টিৰ ক্ষেত্ৰখনত ৰাভা যুৱ প্ৰজন্মৰ ভুমিকা কি” শীৰ্ষক এটি যোগাত্মক আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ মুকুল ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰত মহাবিদ্যালয়ৰ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি ৰাভা কৃষ্টি সম্পৰ্কে ইতিবাচক চিন্তা আৰু প্ৰকাশ ভংগীৰে মত বিনিময় কৰে ৷ উল্লেখ্য যে, অনুষ্ঠানত কামৰূপ জিলাৰ বকোৰ লোকবাদ্য শিল্পী অমূল্য ৰাভাই নিজ হাতেৰে প্ৰস্তুত কৰা ৰাভা, বড়ো আৰু বিহুত ব্যবহাৰিত কাঢ়ানল, শিঙা, বাডুংডুপ্পা, গগণা, আদি কেইবাটাও লোকবাদ্য বজাই উপস্থিতি দৰ্শকক মোহিত কৰে ৷ লোকবাদ্য শিল্পী অমূল্য ৰাভাই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম কঢ়িয়াই অনাৰ লগতে নিজ হাতেৰে প্ৰস্তুত কৰি উলিওৱা বাঁহী চীন দেশ আৰু নিউজিলেণ্ড, ম’হৰ শিঙৰ পেপা থাইলেণ্ড, নিউজিলেণ্ড, চিংগাপুৰলৈ, লোকগীতত ব্যবহাৰ হোৱা দোতৰা, বড়ো সকলৰ লোকবাদ্য চেৰেণ্ডা আৰু বেম্ব পাৰফেকচন থাইলেণ্ডলৈ পঠোৱাৰ লগতে শেহতীয়া ভাবে বড়ো কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ বি টি আৰত চেৰেণ্ডা আৰু চিফুং যোগান ধৰি আহিছে ৷ এই বাদ্য কেইবিধৰ উপৰিও শিল্পী অমূল্য ৰাভাই ৰাভা, বড়ো আৰু বিহুগীতত ব্যবহাৰ হোৱা লোকবাদ্য ক্ৰমে কাঢ়া, বাদুংদুপ্পা,গগণা, সুতুলি, গুগুমেলা,খুঞ্জৰী, দোতৰা আদি বিভিন্ন ধৰণৰ বাঁহ কাঠৰ সামগ্ৰী নিৰ্মাণ কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ অনাতাঁৰ শিল্পী ধৰণী পামে ৰাভা ভাষাৰ গীত পৰিবেশন কৰাৰ বিপৰীতে বন্দাপাৰা (কামৰূপ)ৰ নিকটৱৰ্তী  চৌধুৰীপাৰা গাওঁৰ মিলিজুলি মহিলা বহুৰঙী নৃত্য দলটিৰ বহুৰঙী নৃত্য আৰু জনপ্ৰিয় নৃত্য শিল্পী কুশল ৰাভাৰ পৰিচালনাত ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত “ছাথাৰ” নৃত্য পৰিৱেশন কৰে ৷ অনুষ্ঠানটোত দুধনৈ ব্যবসায়ী সন্থাৰ কাৰ্যকৰী সভাপতি ভবেশ চন্দ্ৰ ভাগৱতী, সাংবাদিক ক্ৰমে চিৰঞ্জীৱ চক্ৰৱৰ্তী, স্বপন ৰাভা, খগেন্দ্ৰ ৰাভা, দুধনৈ উন্নয়ন কমিটিৰ নৱ-নিৰ্বাচিত সম্পাদক চিত্ৰু কোচৰ উপৰিও কেইবা গৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷ দুধনৈ সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া অনুজ বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে অনুষ্ঠানটোৰ সামৰণি পৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close