অসমবিশেষশীৰ্ষ

দীপক নাথৰ “অৰ্থনৈতিক কৰ্মসংস্কৃতি বিপ্লৱ”

হাজাৰজন নিবনুৱাৰ স্বাৱলম্বীতাৰ অন্যতম আদৰ্শ: "থলুৱা থলিগিৰী ব্যৱসায়"

অসমৰ ঐতিহাসিক আৰু ইতিহাস প্ৰসিদ্ধ ঠাই ফুলগুৰি । ইতিহাস বিজড়িত অসমৰ প্ৰথম “কৃষক বিদ্ৰোহ” আৰু “ফুলগুৰি ধেৱা” প্ৰৱাহিত উল্লেখযোগ্য ইয়াতে আৰম্ভণি ।কলংৰ বুকুৰ পলসুৱা মাটিৰে কৃষিৰ ভূমিৰ উপযোগী কাৰণ বৰকলা, ধেমাজি, দেউবালি, জাকৰুৱা গাঁৱৰ সম্মিলিত কৃষকৰ প্ৰচেষ্টা উৎপাদিত গুড়ৰে ফুলগুৰি মিথৈ ।নগাঁও জিলাৰ ধেমাজি(ফুলগুৰি ) নিৱাসী উচ্চ শিক্ষিত আৰু নাটক আৰু নাট্যজগতৰ লগত জড়িতৰ দীপক নাথে অদম্য হেপাঁহেৰে , একাগ্ৰতাৰে , সাহসেৰে , আত্মনিৰ্ভৰশীল প্ৰচেষ্টাৰে , থলুৱা থলগিৰি প্ৰয়াসেৰে , অশেষ পৰিশ্ৰমেৰে , গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ উদ্দেশ্যৰে ,পঢ়ি শুনি কেৱল চাকৰি চাকৰি বুলি হাত সাৱটি বহি নাথাকি প্ৰথম এটা ঢ়েকীৰ পৰা জলপানৰ আৰু কলাখাৰ ব্যৱসায় আৰম্ভ কৰিছিলি । গুৱাহাটী বেলতলা বজাৰ পদপথত কলাখাৰ বেচা-কিনা সেই দৃশ্যৰ পৰা অনুপ্ৰাণিত হৈ আজি বৰ্তমান প্ৰেক্ষাপটত তেওঁৰ সৱল আৰু অদম্য বিশ্বাসত ” অসমী ফুডচৰ” নামেৰে গঢ় লৈ উঠিছে ।

তেওঁৰ স্বাৱলম্বী হোৱাৰ উপৰিও আন দহজন এই সুন্দৰ আদৰ্শ প্ৰয়াসত আজি স্বাৱলম্বী হৈ পৰিয়াল সুন্দৰ পোহপালন দিব পাৰিছে । ২০১৬ চনৰ পৰা ব্যৱসায় আৰম্ভ কৰি আজি “অসমী ফুডচৰ” পৰা “থলুৱা ব্যৱস্থাপনাৰে তৈয়াৰী বজাৰত উপলব্ধ সামগ্ৰীসমূহ হ’ল- সান্দহ, কৰাইগুৰি , ফুলগুৰি গুড় , বৰা চাউল , জহাচাউল , আইজং চাউল, তিল , কলামাহৰ গুৰি , কলাখাৰ , ৰাংঢ়ালী (হালধী),মিঠাতেল । এই প্ৰস্তুতকৰণ সামগ্ৰীসমূহে লাহেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰ বিলাক যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ তেওঁৱে “অসমী জৈৱিক কৃষিৰ পাম” এখন আৰম্ভ কৰিছে । অতি পৰিতাপৰ বিষয় য়ে – আজিলৈকে বহুতো আবেদন নিবেদন কৰি কোনো বেংকৰ পৰা এটা ঋণ বা চৰকাৰী সাহায্য লাভ কৰা নাই।গতিকে তেওঁৰ অসম চৰকাৰলৈ অনুৰোধ জনাইছে —যদিহে অসম চৰকাৰে সহায় কৰে বা কোনোবা বেংকৰ পৰা ঋণ পালে এই ব্যৱসায় চিন্তাধাৰ অধিক সম্প্ৰসাৰণ কৰি বুলি আশা পুহি ৰাখিছে ।দীপক নাথৰ সুন্দৰ নিদৰ্শন এই “থলুৱা থলিগিৰী ব্যৱসায়” চিন্তাধাৰ আমাৰ হাজাৰ জন নিবনুৱা বাবে আদৰ্শ অনুপ্ৰেৰণাৰ অনুকৰণীয় হৈ “অৰ্থনৈতিক কৰ্মসংস্কৃতি বিপ্লৱ” হিচাপে জিলিকি উঠক সমগ্ৰ অসমতে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close