বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

দিশাৰ আত্মাই এতিয়াহে শান্তি পালে বলাকাৰীক হত্যাৰ পাছত পিতৃ-মাতৃৰ সুখ প্রকাশ

হায়দৰাবাদৰ পৰা ৬০ কিলােমিটাৰ নিলগৰ ষাঁড় নগৰত মহম্মদ আৰিফ, জল্লু শিভা, জল্লু নবীন আৰু চিন্তাকুন্তা চিন্নাকেশভুলুই দিশা নামৰ এগৰাকী পশু চিকিৎসকক দলবদ্ধ ধর্ষণ কৰি জীৱন্তে জ্বলাই দিছিল। এই ঘটনা সংঘটিত হােৱাৰ পাছতে দেশজুৰি হত্যাকাৰীক শাস্তি দিয়াৰ দাবীত উত্থাপন কৰিছিল বিভিন্নজনে। দেশজুৰি প্রতিবাদ সাব্যস্ত কৰা হৈছিল। এই ঘটনাত জড়িত চাৰি নৰপিশাচক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি ন্যায় প্রক্রিয়া আৰম্ভ কৰিছিল যদিও আজি ধষর্ণ কাণ্ড সংঘটিত ঠাইত অনুসন্ধানৰ বাবে চাৰি অপৰাধীক উপস্থিত কৰাৰ পাছতে পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰে। ফলত থিতাতে নিহত হয় চাৰি অপৰাধী। আৰক্ষীৰ এই এনকাউন্টাৰৰ ঘটনা ৰহস্যজনক যদিও চাৰি অপৰাধীক তেলেংগানা আৰক্ষীয়ে অভিনৱ পদ্ধতিৰে এনেদৰে শাস্তি বিহাত উৎফুল্লিত হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সমগ্র দেশবাসী। ভুক্তভােগী দিশাৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি এতিয়াহে দিশাৰ আত্মাই শান্তি লাভ কৰিছে বুলি উল্লেখ কৰে। ইয়াৰ বাবে তেলেংগানা আৰক্ষী আৰু চৰকাৰক ধন্যবাদ জনায়। আনহাতে দিশাৰ ভগ্নীয়ে কয় যে এয়া এক উদাহৰণহে। ধর্ষণকাৰীক এনেদৰেই শাস্তি প্রদান কৰিব লাগে। উল্লেখ্য যে এই সন্দৰ্ভত চাইবাৰদৰ আৰক্ষী আয়ুক্ত ভিচি সজ্জানাৰে কয় যে ষাঁড় নগৰৰ চাট্টাপল্লীত ৰাতিপুৱা ৩-৬ বজাৰ ভিতৰত উক্ত ঘটনা সংঘটিত হৈছিল। অপৰাধীকেইজনে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলীচালনা কৰিবলগাত পৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close