অসমবিশেষশীৰ্ষ

দিব্যাঙ্গক বিনামূলীয়া কৃত্ৰিম ভৰি সংযোজন

ৰাজকুমাৰ ঝাঁঝৰী

অসমৰ বিশিষ্ট ব্যৱসায়ী প্ৰয়াত তোলাৰাম বাফনাৰ পূণ্য স্মৃতিত বিগত ২২ চেপ্টেম্বৰ দেওবাৰে আমিনগাঁওস্থিত তোলাৰাম বাফনা কৃত্ৰিম ভৰি ও কেলিপাৰ কেন্দ্ৰত ১৪ গৰাকী দিব্যাঙ্গক বিনামূলীয়া অত্যাধুনিক জয়পুৰী কৃত্ৰিম ভৰি সংযোজন কৰা হয়। কেন্দ্ৰৰ প্ৰচাৰ সচিব ৰাজকুমাৰ ঝাঁঝৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা জানিবলৈ দিছে। প্ৰয়াত তোলাৰাম বাফনাৰ জ্যেষ্ঠ পুত্ৰ শুভকৰণ বাফনাই পিতৃৰ প্ৰতিমুৰ্ত্তিত পুষ্পাঞ্জলি তৰ্পণেৰে অনুষ্ঠানৰ পাতনি মেলে। উল্লেখযোগ্য যে বিদ্যালয়ৰ শিক্ষাৰ ব্যয় বহন কৰাৰো ক্ষমতা নথকাত তোলাৰামে নিজৰ তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি অৰ্জন কৰা টকাৰে নিজৰ শিক্ষাৰ খৰচ উলিয়াইছিল। এনেদৰে অতি কষ্টেৰে মাধ্যমিক শিক্ষা পূৰ্ণ কৰাৰ পিছত তেখেতে ব্যাৱসায়িক ভাগ্য পৰীক্ষাৰ বাবে গুৱাহাটীলৈ আহি নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। অশেষ শ্ৰম, অধ্যৱসায়ৰ বলত ব্যৱসায়ত দোপদদোপে উন্নতি কৰি তেখেতে যথেষ্ট ধন অৰ্জন কৰিছিল। তেখেতে মৃত্যুৰ পৰত নিজৰ চাৰি পুত্ৰক ‘আনৰ ভাল কৰিলে, তোমাৰো ভাল হ’ব’ বুলি উপদেশ দি জীৱন নাটৰ সামৰণি মাৰিছিল। তেখেতৰ মৃত্যুৰ পিছত পিতৃৰ শেষ ইচ্ছা পূৰণৰ বাবে জ্যেষ্ঠ পুত্ৰ শুভকৰণ বাফনাই গুৱাহাটীৰ আমিনগাঁৱত বিকলাঙ্গতা মুক্ত পূৰ্বোত্তৰৰ লক্ষ্য সাধনৰ বাবে তোলাৰাম বাফনা কৃত্ৰিম ভৰি ও কেলিপাৰ কেন্দ্ৰৰ শুভাৰম্ভ কৰিছিল। পিছত তেখেতৰ সহযোগেৰে অসম চৰকাৰে আমিনগাঁৱত তোলাৰাম বাফনা চিভিল হস্পিটেল আৰু অত্যাধুনিক সুলভ চিকিৎসাৰ বাবে সমগ্ৰ দেশতে সুনাম অৰ্জন কৰা নাৰায়ণা হস্পিটেলৰ লগত যুটীয়া ভাবে নাৰায়ণা-বাফনা চিকিৎসালয় প্ৰতিষ্ঠা কৰে।
তোলাৰাম বাফনা কৃত্ৰিম ভৰি ও কেলিপাৰ কেন্দ্ৰত বৰ্তমানলৈ ৯,০০০ দিব্যাঙ্গ ব্যক্তিক বিনামূলীয়াকৈ অত্যাধুনিক কৃত্ৰিম জয়পুৰী ভৰি সংযোজন কৰা হৈছে। বিগত ২২ চেপ্টেম্বৰত আয়োজিত শিবিৰত মণিপুৰৰ সোণাপুৰ জিৰিবামৰ পৰা অহা আব্দুল কালাম, বাস্কাৰ উত্তৰ চেউনীৰ প্ৰবীণ ডেকা, উত্তৰ তিয়ামাৰী ধুবুৰীৰ নিজামূল হক, পাণ্ডু ৰেলৱে ক’লনীৰ ৰামপ্ৰসাদ চাহু, চকালাটিং যোৰহাটৰ জয়প্ৰকাশ বণিয়া, কামৰূপৰ বাঘমাৰাৰ মল্লিকা বেগম, পূব জিনদিয়া, শোণিতপুৰৰ বিনু মূৰা, পূৰ্ব বৰাগাঁৱৰ মুকুট আলী, ৰামসা বাস্কাৰ সীমান্ত ডেকা, লাতীকুছি নলবাৰীৰ খটিজা খাতুন, কামৰূপৰ বৰুৱাহাটৰ দিলাৱৰ হুছেইন, জনিয়া-চাপৰ বৰপেটাৰ নজমা বেগম, পাটাকুছি নলবাৰীৰ সুৰেশ ৰাজবংশী, নলবাৰীৰ কুশল ৰাজবংশী আদি ১৪ গৰাকী দিব্যাঙ্গ ব্যক্তিক বিনামূলীয়া কৃত্ৰিম ভৰি সংযোজন কৰা হয়। এই উপলক্ষে নিজৰ বক্তব্যত শুভকৰণ বাফনাই বিকলাঙ্গতা মুক্ত পূৰ্বাঞ্চলৰ লক্ষ্যত উপণীত হ’বলৈ অসম চৰকাৰ আৰু সমূহ উত্তৰ-পূবৰ ৰাইজলৈ অনুৰোধ জনাই কয় যে বিকলাঙ্গ ব্যক্তিক কৃত্ৰিম ভৰি সংযোজনৰ বাবে বাফনা কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে নিচেই কম সময়তে বিকলাঙ্গতা মুক্ত পূৰ্বাঞ্চলৰ সপোন সাৰ্থক হ’ব। তেখেতে বিনামূলীয়াকৈ কৃত্ৰিম ভৰি সংযোজনৰ বাবে বাফনা কেন্দ্ৰৰ ম’বাইল নং ৯৮৬৪১-০৩০৮৬ নতুবা ৭০০২৫-৯৬৫০০ ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close