অসমবিশেষশীৰ্ষ

দামৰা আঞ্চলিক ষষ্ঠ অনুসূচী দাবী কমিটিৰ নতুন কাৰ্যালয় উদ্ধোধন

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী কমিটিৰ অন্তৰ্গত দামৰা আঞ্চলিক ষষ্ঠ অনুসূচী দাবী কমিটিৰ কাৰ্যালয়টি আজি শুভ উদ্ধোধন কৰা হয়। দামৰা -মেন্দিপাথাৰ এন ই চি ৰাস্তা সংলগ্ন দামৰা বাজৰস্হিত উক্ত কাৰ্যাযলয়টিৰ আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে ষষ্ঠ অনুসূচী দাবী কমিটিৰ কেন্দ্ৰীয় সভাপতি মহীধৰ ৰাভাই। দামৰা আঞ্চলিক ষষ্ঠ অনূসুচী দাবী কমিটিৰ সভাপতি বলগেন ৰাভাই আত ধৰা অনুষ্ঠানত গোৱালপাৰা জিলা ৰাভা ছাত্র সন্হাৰ উপসভাপতি প্ৰতুল ৰংখ , ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন ৰাভাৰ লগতে দামৰা আঞ্চলিক ৰাভা ছাত্র সন্হা আৰু দামৰা আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভাপতি/সম্পাদকৰ লগতে বহুসংখ্যক বিষয়ববীয়াৰ উপৰিও দামৰা ব্যৱসায়ী সন্হাৰ সভাপতি-সম্পাদকো উপস্থিত থাকে। এই উপলক্ষে এটি অনুষ্টপপীয়াকে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানৰ আত ধৰে দামৰা আঞ্চলিক ষষ্ঠ অনুসূচী দাবী কমিটিৰ সাধাৰণ সম্পাদক ৰেৱান ৰাভাই। উল্লেখ যে আজি মুকলি কৰা এই কাৰ্যালয়ৰ জৰিয়তে আগন্তুক দিনত ৰাভা জনগোষ্ঠীৰ সংগ্ৰামৰ কাম কাজ ত্বৰানিত কৰাৰ লগতে অঞ্চলটোত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য সম্প্ৰীতি তথা একতাবোধ সৃষ্টিত উল্লেখনীয় বৰঙনি যোগাৱ বুলি উপস্থিত ৰাইজে আশা প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close