Businessবিশেষশীৰ্ষ

দক্ষিণ আফ্রিকালৈ ৰপ্তানি ভাৰতত নির্মিত ডাটছুন গ’

চেন্নাইৰ অৰ্গাৰম’ৰস্থিত নিচান ইণ্ডিয়াৰ সহযােগী প্রকল্প ৰেন নিছান এলায়েন্স ইণ্ডিয়া প্রাইভেট লিমিটেডে নির্মাণ কৰা ডাটছুন গ’ আৰু চিভিটি আৰু গ’+চিভিটি গাড়ী দুখন দক্ষিণ আফ্রিকালৈ ৰপ্তানি প্রক্রিয়া আৰম্ভ কৰিছে নিছান ইণ্ডিয়াই। এই প্রকল্পটোত বছৰি ৪ লাখ ৮০ হেজাৰ খন গাড়ী নির্মাণৰ ক্ষমতা আছে। ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতাে এই গাড়ী দুখনৰ প্রতি আশাপ্রদ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে প্রতিষ্ঠানটোৱে। দক্ষিণ আফ্রিকাৰ লগতে ছাহাৰা মৰুভূমিৰ পাৰ্শ্বৱর্তী দেশসমূহ নেপাললৈও এই দুখন গাড়ীদুখন ৰপ্তানি কৰিছে নিছান ইণ্ডিয়াই। উল্লেখ্য যে ২০১০ বৰ্ষত ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰে পৰা নিছানে দেশৰ পৰা মুঠ ৮ লাখ ৮০ হেজাৰখন গাড়ী ৰপ্তানি কৰিছে। ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহৰ বাবে এই প্রকল্পটোক মুখ্য হাব হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close