প্ৰৱন্ধবিশেষশীৰ্ষ

থােৰতে ধলা-শদিয়া দলংখনৰ কেইটামান গুৰুত্বপূর্ণ তথ্য

নিমিষা কাশ্যপ

১। এইখন ভাৰতৰ প্ৰথমখন মহাসেঁতু য’ত মুঠ ১৮২ টা খুঁটা আছে। ই মাত্র দীর্ঘতম হােৱাই নহয় খুঁটাৰ ফালৰ পৰাও ই এক অভিলেখ বহন কৰিছে।

২। উত্তৰ-পূব ভাৰত ভূমিকম্প প্রৱণ অঞ্চল হােৱা হেতুকে এই দলংখন অত্যাধুনিক ভূমিকম্পৰ প্ৰতিৰােধী। টেকনলজিৰে নির্মিত।

৩। ইয়াৰ দৈর্ঘ্য ৯.১৫ কিলােমিটাৰ। আনহাতে এই দলংখনৰ দুয়ােপাৰৰ সংযােগী পথৰ দৈর্ঘ্য ২৮.৫ কিলােমিটাৰ। এখন যিকোনাে দলঙৰ সংযােগী পথৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰতাে ই এক অভিলেখ বহন কৰিছে। ধলাৰ পৰা শদিয়ালৈ মুঠ দূৰত্ব ৩৭.৬৫ কিলােমিটাৰ।।

৪। দেশৰ দীর্ঘতম এই দলংখন নির্মাণ কৰােতে হােৱা মুঠ ব্যয়ৰ পৰিমাণ ২.০৪৫ কোটি টকা। আনহাতে ইয়াৰ সংযােগী পথৰ নির্মাণ ব্যয় বাদ দি কেৱল দলংখনৰ নিৰ্মাণত ব্যয় হােৱা ধনৰ পৰিমাণ হৈছে ৯৫০ কোটি। হয়তাে এইটো শুনি আচৰিত হ’বলগীয়া কথা এইটোৱেই যে, অসমৰ বাবে নিৰ্ধাৰিত পুঁজিৰে কিন্তু ধলা-শদিয়া দলং নির্মাণ হােৱা নাই। তাৰ বিপৰীতে এই দলং নিৰ্মাণ কৰা হৈছে পথ পৰিবহণ মন্ত্ৰালয়ৰ উত্তৰ-পূব ত্বৰাতি পথ উন্নয়ন আঁচনিৰ অধীনত অৰুণাচল পেকেজৰ পৰাহে এই দলং নিৰ্মাণ কৰা হৈছে।

৫। ধলা-শদিয়া দলঙে অৰুণাচললৈ দূৰত্ব প্রায় ১৬৫ কিলােমিটাৰ হ্ৰাস কৰিলে। এই দলং নিৰ্মাণৰ পূর্বে অৰুণাচল যাত্ৰাত ৬ ঘণ্টা সময় লগাৰ বিপৰীতে এতিয়া মাত্র এঘণ্টা সময়তেই অৰুণাচল যাত্রা সম্ভৱ হৈছে।

৬। ভাৰত-চীন সীমান্তত নিয়ােজিত সেনাৰ চাউনিলৈ ৰেচন-পাতি, খাদ্য সামগ্ৰীৰ পৰিবহণৰ ক্ষেত্ৰতাে এই দলঙে বিশেষ ভূমিকা গ্ৰহণ কৰিব।

৭। অৰুণাচলত নির্মাণ হৈ থকা জলবিদ্যুৎ প্রকল্পসমূহৰ বাবে এই দলঙে যাত্রাপথৰ দূৰত্ব বহুগুণেই হ্রাস কৰিব। ৮। ধলা-শদিয়া দলংখন ৩ লেনযুক্ত এখন দলং। ইয়াৰ এটা অংশ লােহিতৰ ওপৰত নিৰ্মাণ কৰা হৈছে।

৯। এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী, ড° মনমােহন সিং আৰু বৰ্তমানৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক লৈ মুঠ তিনিগৰাকী প্রধানমন্ত্রী ইয়াত জড়িত হৈ আছে।।

১০। এই দলংখনৰ শদিয়াৰ অংশৰ পৰা চীন সীমান্তলৈ আকাশী পথৰ দূৰত্ব মাত্র ১৬০ কিলােমিটাৰ।

১১। এই দলংখনে ৬০ হাজাৰ কিলােগ্রাম ওজনৰ যান-বাহনৰ ভৰ বহন কৰিব পাৰে। গতিকে এই দলংখনৰ ওপৰেৰে মুক্ত টেংক আদি সহজে পাৰ হ’ব পৰাৰ ব্যৱস্থা আছে।

১২। ১৮১৬ চনৰ ১৬ জুলাইত বৃটিছসকলে ডিব্রু শদিয়া ৰেলপথ স্থাপন কৰাৰ পিছত ধলা শদিয়া দলঙৰ নির্মাণে প্রথমবাৰৰ বাবে শদিয়াৰ লগত প্রত্যক্ষ যােগাযােগৰ এক সুচল ব্যৱস্থা কৰিলে।

১৩। ১৯৫০ চনৰ বৰ ভূহঁকপত ডিব্রু শদিয়া ৰেলপথ ধ্বংস হােৱাৰ পিছত এই দলংখনে প্রথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়াে পাৰক সংযােগ কৰিছে।

১৪। এই দলংখন নিৰ্মাণৰ ফলত প্রতিদিনে দেশৰ প্রায় ১৪ লক্ষাধিক টকাৰ ইন্ধন ৰাহি হ’ব।।

১৫৷ এই দলঙে বিশেষকৈ অৰুণাচল মেকা আৰু ৰয়িঙৰ ৫২ নং ঘাইপথৰ দূৰত্ব মাত্র এঘণ্টা সময়তে অতিক্রম কৰাটো সম্ভৱ কৰি তুলিলে।

১৬। ১৯৫০ চনৰ বৰ ভুইকপৰ পিছত ধলা-শদিয়াৰ মাজত কেৱল দিনৰ ভাগতহে ফেৰীৰে অহা-যােৱা কৰিব পৰাৰ ব্যৱস্থা আছিল। সেয়াও বাৰিষাৰ বানৰ সময়ত সম্ভৱ নাছিল। এতিয়া ২৪ ঘণ্টাই যােগাযােগ সম্ভৱ কৰি তুলিলে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close