বিশেষশীৰ্ষস্বাস্থ্য

তেজপাতৰ স্বাস্থ্য উপকাৰিতা

বিনু লষ্কৰ

তেজপাত বা মিঠা পাত সকলোৱে চিনি পায়  ! কি গাঁও , কি চহৰ , প্ৰায় মানুহৰ বাৰীতে তেজ পাতৰ গছ দেখা যায় l দেখাত সামান্য হলেও তেজ পাতৰ বৰ বৰ গুণে আপোনাক মুগ্ধ কৰিব l তেজপাতে হৃদৰোগ, ডায়েবেটিচ নিয়ন্ত্ৰণ কৰে l
শুকান তেজ পাতৰ অসংখ্য গুণ আছে l আপুনি অফিচ বা স্কুল কলেজৰ পৰা ক্লান্ত হৈ আহে নিশ্চয় l বিশেষ কাম নাই , তিনি চাৰিটা তিজ পাত কোঠাটোৰ একোনত জ্বলাই দিয়ক lতেজপাত পুৰিলে বতাহৰ লগত তাৰ উপাদানবোৰ মিহলি হৈ আমাৰ শৰীৰত শ্বাস প্ৰশ্বাসৰ দ্বাৰা প্ৰৱেশ কৰে l তাৰ পৰা আমাৰ যথেষ্ট উপকাৰ হয় l যেনে–
# এনাৰ্জিৰ অভাৱ দূৰ হয় , শৰীৰলৈ সতেজতা আহে , ক্লান্তি দূৰ হয় l
# তেজ পাতত থকা উপাদানে পোক পৰুৱা দূৰত ৰাখে , ক্ষতিকাৰক বীজানু ধ্বংস কৰে l
# তেজপাতৰ ধোঁৱা দহ মিনিট ইনহেল কৰিব পাৰিলে মস্তিষ্কৰ কোষবোৰৰ কৰ্মক্ষমতা বৃদ্ধি পাই l
# তেজ পাতৰ ধোঁৱা শৰীৰত প্ৰৱেশ কৰিলে টেনচন , এনজাইটি আৰু মানসিক চাপ কমি যায় l
# ইউ এচ নেচনেল লাইব্ৰেৰী অব মেডিচিনত প্ৰকাশিত প্ৰতিবেদন মতে তেজপাত পুৰিলে ইনচুলিনৰ পৰিমাণ অতি মাত্ৰাত বাঢ়ি যায় কাৰণে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা নাথাকে l অৱশ্যে তেজপাত পিচি তাৰ ৰস দৈনিক খাব পাৰিলেও সমান উপকাৰ হয় l আনহাতে এনেকৈ তেজপাতৰ ৰস খালে শ্বাস প্ৰশ্বাসৰ চিষ্টেম শক্তিশালী হয় , বুকুত জমা থকা কঁফ গলি যায় , শৰীৰৰ প্ৰদাহ কম কৰে আৰু ৰোগ প্ৰতিৰোধ কৰে l অৱশ্যে কেচাঁ আৰু পূৰঠ তেজপাতৰ গুণ বেচি l
তেজপাত পুৰি তাৰ গোন্ধ লৈ চাবচোন l

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close