অসমচলচ্চিত্ৰজগতশীৰ্ষসাংস্কৃতিক

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

আজিৰ পৰা আৰম্ভ হৈছে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। জ্যোতি চিত্ৰবনৰ উদ্যোগত আৰু ড০ ভূপেন হাজৰিকা  আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত ৩১ অক্টোবৰ, ২০১৯ ৰপৰা ৬ নৱেম্বৰ, ২০১৯ লৈ সপ্তাহজোৰাকৈ অনুষ্ঠিত হ’বলগীয়া মহোৎসৱৰ আজি শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে পোলেণ্ডৰ বিশিষ্ট ছবি-নিৰ্মাতা খ্ৰীষ্ট’ফ জানুচি। আনহাতে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে  বলীউডৰ ছবি পৰিচালক মধুৰ ভাণ্ডাৰকাৰ, মণিপুৰৰ যশস্বী ছবি-নিৰ্মাতা অৰিবাম শ্যাম শৰ্মা তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা  আদিল হুছেইন।
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ সহযোগত সফলতাৰে তৃতীয়বাৰৰ বাবে চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে আটাইকে অভিনন্দন জ্ঞাপন কৰে। ইংৰাজী, অসমীয়া আৰু হিন্দী- তিনিওটা ভাষাতে ৰসাল বক্তব্যৰে  উপস্থিত ৰাহজক আপ্লুত কৰা মুখ্যমন্ত্ৰী সোণোৱালে কয় যে সংস্কৃতিয়ে সমগ্ৰ বিশ্বক একতাৰ দোলেৰে বান্ধে আৰু শক্তিশালী মাধ্যম হিচাবে চলচ্চিত্ৰৰ প্ৰভাৱ সদায়ে সৰ্বাধিক। ক্ৰীড়া, চলচ্চিত্ৰকে আদি কৰি আজি অসমৰ সন্তানে সমগ্ৰ বিশতে গৌৰৱৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে আৰু গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰে অনুষ্ঠানে নতুন প্ৰজন্মক সমগ্ৰ বিশ্বৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰিছে।  অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, বৈচিত্ৰ্যপূৰ্ণ চহকী সংস্কৃতিৰে সমৃদ্ধ অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল অযুত সম্ভাৱনাৰে পূৰ্ণ আৰু এই সম্পদক চলচ্চিত্ৰৰ মাধ্যমেৰে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ বলীউডৰ পৰিচালক মধুৰ ভাণ্ডাৰকাৰ তথা অন্যান্য  ছবি-নিৰ্মাতাসকলক আহ্বান জনায়।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেই শেহতীয়াকৈ  অসমীয়া ছবি উদ্যোগলৈ অহা ইতিবাচক পৰিবৰ্তনৰ কথা উল্লেখ কৰাৰ লগতে ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ সদিচ্ছা আৰু অনুপ্ৰেৰণাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰে। ইতিমধ্যে অসমৰ ছবি নিৰ্মাণৰ ধাৰাক ত্বৰান্বিত কৰাৰ বাবে চৰকাৰে নতুন চলচ্চিত্ৰ নীতি প্ৰস্তুত কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে তেওঁ ছবি নিৰ্মাণৰ বাবে অৰ্থ সাহায্য প্ৰদান কৰাৰ কথাও জানিবলৈ দিয়ে। বছৰত সৰ্বাধিক ২০ খন ছবি নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ লগতে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবিৰ নিৰ্মাণ ব্যয়ৰ ৭৫ শতাংশ চৰকাৰে বহন কৰিব বুলি মন্ত্ৰী দলেই ভাষণ প্ৰসংগতসদৰী কৰে।
৫০ আৰু  ৬০ দশকত নিজস্ব শৈলী আৰু বিচাৰধাৰাৰে ছবি নিৰ্মাণ কৰি পোলেণ্ডৰ চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি কৰা যশস্বী ছবি-নিৰ্মাতা খ্ৰীষ্ট’ফ জানুচিয়ে উদ্বোধনী অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ প্ৰশংসা কৰে। কাঁ, ভেনিছ, লোকাৰ্ণ, মস্কো আদি বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয়-অন্তঃৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত ছবি-নিৰ্মাতাগৰাকীয়ে ছবিক এক উচ্চ পৰ্যায়ৰ কলা হিচাবে অভিহিত কৰে যিয়ে মানৱ জীৱনক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে। নিৰ্বাক, ক’লা-বগা ছবিৰ পৰা ৰঙীন ছবিলৈ, নতুন প্ৰযুক্তিগত উত্তৰণৰ লগে লগে ছবিয়ে ভিন্ন ৰূপ লাভ কৰিলেও ছবিৰ কলাত্মক আৰু নান্দনিক সৌন্দৰ্য সদায় অটুট থকা আৱশ্যক বুলি তেওঁ মন্তব্য কৰে।  চলচ্চিত্ৰ মহোৎসৱৰ গুৰুত্ব সাম্প্ৰতিক সময়ত যথেষ্ট বৃদ্ধি পোৱা বুলি উল্লেখ  কৰি তেওঁ কয় যে এনে মহোৎসৱে স্থানীয় লোকসকলক বিশ্বৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত ছবিসমূহ চোৱাত সুবিধা প্ৰদান কৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা অসমৰ আদিল হুছেইনে এক শক্তিশালী গণমাধ্যম হিচাবে চলচ্চিত্ৰৰ ভূমিকাৰ কথা উনুকিয়ায়। সাম্প্ৰতিক সময়ত ছবি এক উদ্যোগলৈ পৰিৱৰ্তিত হৈছে যদিও কলা হিচাবে ইয়াক উপস্থাপনহে অধিক প্ৰয়োজন। ছবিৰ নঞাৰ্থক প্ৰভাৱকো নুই কৰিব নোৱাৰি বুলিও তেওঁ ভাষণ প্ৰসংগত প্ৰকাশ কৰে। আনহাতে কেৱল ডাঙৰ ডাঙৰ চহৰসমূহতে সীমাবদ্ধ নাথাকি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সীমিত পৰ্যায়ত হ’লেও চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে তেওঁ উদ্যোক্তাসকলক আহ্বান জনায়। এই প্ৰসংগত তেওঁ দেশৰ একমাত্ৰ তেনে ধৰণৰ ছবি মহোৎসৱ ‘জাগৰণ’ৰ কথা প্ৰকাশ কৰে।
অনুষ্ঠানৰ আন এগৰাকী বিশিষ্ট অতিথি ‘ফেশ্বন’, ‘পেজ-থ্ৰী’, ‘চান্দনী বাৰ’ আদি ছবিৰ নিৰ্মাতা পদ্মশ্ৰী মধুৰ ভাণ্ডাৰকাৰে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি প্ৰকাশ কৰে। ছবিৰ কোনো সীমা, কোনো ভাষা নাই বুলি উল্লেখ কৰি বলীউডৰ পৰিচালকগৰাকীয়ে কয় যে-  সকলো ধৰণৰ সীমাবদ্ধতাক আঁতৰাই এখন ভাল ছবিয়ে দৰ্শকৰ মনত সাঁচ বহুৱাব পাৰে।
অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে সাহস আৰু প্ৰেৰণ যোগোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল  আৰু চিনে-প্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে প্লাষ্টিকমুক্ত চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা অসমেই প্ৰথম ৰাজ্য বুলি তেওঁ গৌৰৱেৰে ঘোষণা কৰে।  অনুষ্ঠানত ভাষণ প্ৰদান কৰি মহোৎসৱ ডাইৰেক্টৰ মণিতা বৰগোহাঁয়েকয় যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰি যথেষ্ট অভিজ্ঞতা আহৰণ কৰাৰ লগতে দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছে । চলচ্চিত্ৰ মহোৎসৱে অসমত ছবিৰ উত্তৰণৰ বাবে এক পৰিৱেশ সৃষ্টি কৰা বুলিও তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত দক্ষিণ কোৰিয়াৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত  ছিন-কিল, টাইৱানৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত টেইন ছুং-কোৱাং, হাংগেৰীৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত গ্যুৱেলা পেথ’ আৰু ট্ৰিনিডাড আৰু টবেগ’ৰ উচ্চায়ুক্ত ষ্টেচি কেৰেণ হিন্দছ উপস্থিত থাকি ভাৰতৰ সৈতে তেওঁলোকৰ সাংস্কৃতিক বিনিময় সন্দৰ্ভত বক্তব্য দাঙি ধৰে। এওঁলোকৰ উপৰি  আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গ্ৰেমী বঁটা বিজয়ী ৰিকি কেজ, অসমৰ ,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ক্ত-সচিব প্ৰীতম শইকীয়া আৰু ছবি আৰু সাংস্কৃতি জগতৰ অনেক গণ্য-মান্য ব্যক্তি।
উল্লেখযোগ্য যে কলাক্ষেত্ৰৰ তিনিটা প্ৰেক্ষাগৃহ আৰু জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’বলগীয়া তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৬৫ খন দেশৰ শতাধিক ছবি প্ৰদৰ্শন কৰা হ’ব। বসুÍধব কুটুম্বকম অৰ্থাৎ গোটেই পৃথিৱীখনেই এক পৰিয়াল চিন্তাধাৰাৰে উজ্জীৱিত গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত এইবাৰ ইৰাণৰ চলচ্চিত্ৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উদ্বোধনী চলচ্চিত্ৰ ৰূপে ইছমাইল মনচেফৰ ‘চাৰ্কল’ ছবিখন প্ৰদৰ্শন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close