অসমপ্ৰৱন্ধবিশেষশীৰ্ষসম্পাদকীয়

তুলসীৰ তলে মৃগ পহু চৰে

নিউজ ডেস্ক, ভাল খবৰ: 

তুলসীৰ তলে, মৃগ পহু চৰে

তাকে দেখি ৰামচন্দ্ৰই, হৰ ধনু ধৰে ।।IMG-20161017-WA0012

তুলসী তলত বহি কণ কণ ল’ৰা ছোৱালীয়ে, জাউৰি জাউৰিয়ে ঘৰে ঘৰে গৈ সন্ধ্যা সময়ত প্ৰাৰ্থনা, নাম গোৱা পৰ্ব আমাৰ অসমীয়া চহা জীৱনত পৰম্পৰাগতভাৱে চলি আহিছে। আজি কাতি বিহু । তুলসী তলত, ধাননি পথাৰত, ভৰাঁল ঘৰত আদিত এগচিকৈ বন্তি জ্বলাই প্ৰতিজন অসমীয়াই বিহুটি উদযাপন কৰে।

সাধাৰণতে কাতি বিহু, কৃষিভিত্তিক উৎসৱ। সেয়েহে গ্ৰাম্যঞ্চলত কাতি বিহু উদযাপন এক ঐতিহাসিক পৰম্পৰা আজিও বিদ্যমান ।

কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি শান্তিৰ বতৰা। কৃষিজীৱী ৰাইজৰ  মন আশাৰ সোনগুটিৰে উপচি পৰক ভাল খবৰৰৰ ফালৰ পৰা আমি জনালোঁ আপোনালৈ অলেখ শুভকামনা।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close