অসমবিশেষশীৰ্ষ

তামুলপুৰ মহকুমাৰ চন্দপুৰত জগদ্ধাত্ৰী পূজা উদযাপন

প্ৰদীপ দাস, তামুলপুৰ

অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰ মহকুমাৰ চন্দপুৰতো আৰম্ভ হৈছে দেৱী জগদ্ধাত্ৰী পূজাৰ পূজা অৰ্চনা। আজি পুৱা সমূহ ভক্ত প্ৰাণ লোকে সামূহিক ভাৱে একত্ৰিত হৈ দেৱীৰ প্ৰতিমা স্থাপন কৰি ঢাক ঢোলৰ শব্দৰে দেৱী বন্দনাৰে মুখৰিত কৰি তোলে মণ্ডৱ স্থলী।আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা পূজা স্থলীত আজি পুৱাই মণ্ডৱ স্থলীত ভক্তই উপস্থিত হৈ ফল-মূলৰ লগতে নৈবদ্দ আগবঢ়োৱা দেখিবলৈ পোৱা যায়। অঞ্চলটোৰ লোকৰ বিশ্বাস মতে, ইয়াত যিকোনো মনো কামনা কৰিলে মা জগদ্ধাত্ৰীয়ে সকলোৰে বনুবাঞ্ছা পূৰ্ণ কৰে। পূৰ্বৰে পৰা পৰম্পৰা গত ভাৱে চলি অহা এই উৎসৱ এইবাৰ ৩০ তম বৰ্ষ অতিক্ৰম কৰিছে। এইবাৰৰ জগদ্ধাত্ৰী উৎসৱৰ বিশেষ আকৰ্ষণ, বাউল কীৰ্তন আৰু নাম কীৰ্তন। অহা ৯ নৱেম্বৰত সামৰণি পৰিবলগীয়া এই জগদ্ধাত্ৰী পূজাক লৈ এতিয়া চৌদিশে উৎসৱ মুখৰ পৰিবেশ হৈ পৰিছে। ইতিমধ্যে অতি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মণ্ডৱ স্থলীও।পূৰ্বৰ তুলনাত এইবাৰ অধিক ভক্তৰ সমাগম ঘটিব বুলি আশা ব্যক্ত কৰিছে পৰিচালনা সমিতিয়ে। লগতে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণ পাল আৰু সম্পাদক সুধিৰ দাসে,পবিত্ৰ ৰয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close