অসমসাংস্কৃতিক

তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

প্ৰদীপ দাস, তামুলপুৰ, ভাল খবৰ

বাক্সা জিলাৰ তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ১১ সংখ্যক নৱাগত আদৰণি সভা। পুৱা তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ, কৈলাশ চন্দ্ৰ তালুকদাৰে পতাকা উত্তোলন কৰাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গীত নৃত্যৰ সমহাৰে চিনাকি পৰ্ব অনুষ্ঠান আৰম্ভ হয়। ছাত্ৰ-ছাত্ৰী সকলে কৃষ্টি সংস্কৃতিৰ গীত নৃত্যৰে আজিৰ অনুষ্ঠান জীপাল কৰি তোলে।

দুপৰীয়া নৱাগত আদৰণি সভাৰ মুকলি মঞ্চত মদন মোহন মোছাহাৰীৰ সভাপতিত্বত বিশিষ্ট অতিথি হিচাবে উপস্হিত থকা ৰমেশ চন্দ্ৰ ব্ৰহ্মই ছাত্ৰ- ছাত্ৰী সকলৰ দায়িত্ব পালনৰ ওপৰত বহল বাখ্যা আগবঢ়ায়। সভাৰ আদৰণি ভাষণত তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ জগেন বড়োয়ে নৱাগত ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনাই ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন দিশ সামৰি বহুমূলীয়া ভাষণ প্ৰসংগত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত মবাইলে প্ৰভাৱ পেলোৱা ভাল-বেয়া আদিৰ সম্পৰ্কে ছাত্ৰ ছাত্রীক অৱগত কৰাই কিদৰে এতিয়াৰ পৰা প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী সকলে নিজৰ দায়িত্ব পালনৰ লগতে শিক্ষাত গুৰুত্ব আৰোপ কৰিব পাৰি এই বিষয়ত বিতংকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আলোচনা কৰে।

সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ কৈলাশ চন্দ্ৰ তালুকদাৰে মহাবিদ্যালয় খনৰ বিভিন্ন আঁত গাঁথনি সম্পৰ্কে ছাত্ৰ ছাত্ৰী সকলক জানিবলৈ দিয়ে। অচিৰেই মহাবিদ্যালয়ত নতুনকৈ পুথিভঁৰাল এখন মুকলি হব বুলি ছাত্ৰ ছাত্ৰী সকলৰ মাজত মহাবিদ্যালয়ৰ পূৰ্বৰ আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ওপৰতো অধ্যক্ষ গৰাকীয়ে আৱেগিক সাৰুৱা ভাষণ ৰাখে। সভাৰ মাজতে ছাত্ৰ-ছাত্ৰী সকলৰ কৃষ্টি মূলক নৃত্যই সকলোকে মোহাৰি পেলায়।আজিৰ এই সভাত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰিৰ লগতে কামালেশ্বৰ বড়ো, নিৰদ চক্ৰৱৰ্তী, বৰুণ ৰামচিয়াৰী, কামেশ্বৰ হাজৰিকা, সুৰজ কুমাৰ পাঠকৰ লগতে বহুতো ব্যক্তি উপস্হিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close