অসম

তামুলপুৰৰ নাগ্ৰীজুলিত উদযাপন কৰা হয় মাধৱদেৱৰ তিৰোভাৱ তিথি

প্ৰদীপ দাস, তামুলপুৰ

সমগ্ৰ ৰাজ্যৰ লগতে আজি নাগ্ৰীজুলিতো উদযাপন কৰা হয় এক শৰণ নামধৰ্মৰ প্ৰচাৰক গুৰু মাধাবদেৱৰ তিৰোভাব তিথি। নাগ্ৰীজুলিৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰত পুৱাৰ পৰা নামপ্ৰসংগ অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা শাখা সত্ৰখনত শাস্ত্ৰ স্থাপন কৰি চাকি-বন্তি জ্বলাই আই-মাতৃ সকলৰ নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়। আই-মাতৃ সকলৰ নাম-প্ৰসংগৰ পিছত সত্ৰৰ নিয়ম অনুযায়ী/পাঠক গজেন ওজাৰ তত্বাৱধানত বাপ-বান্ধৱ সকলৰ নাম-প্ৰসংগ অনুষ্ঠিত কৰা হয়। নাম-প্ৰসংগৰ অন্তত ধনজিৎ দাসে ভাগৱত পাঠ কৰে

হৰিৰ নাম কীৰ্তন, নাম-প্ৰসংগত মুখৰিত হৈ পৰে নাগ্ৰীজুলিৰ আকাশ-বতাহ। ভাগৱত পাঠৰ অন্তত সমূহীয়া সেৱা গ্ৰহণ কৰা হয় আৰু নিৰ্মালি আৰু প্ৰসাদ বিতৰণেৰে সমাপ্ত হয় গুৰু মাধাবদেৱৰ তিৰোভাব তিথি উদযাপন। ইয়াৰ উপৰিও আজিৰ এই পবিত্ৰ দিনটোতে স্থানীয় ভকত গজেন পাঠকে শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰলৈ এটি মাইক ছেট প্ৰদান কৰে। সত্ৰ পৰিচালনা সমিতিয়ে গজেন পাঠকৰ এনে কাৰ্যত ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close