অসমবিশেষশীৰ্ষ

ঢাকালীয়াপাৰাৰ মা পৰাণ বি এড কলেজৰ ভৱন উদ্বোধন

মফিদুল হক, বৰপেটা

“ঢাকালীয়াপাৰাৰ নিচিনা ঠাইত গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে মা পৰাণ স্কুল স্থাপন কৰাৰ লগতে মা পৰাণ বি এড কলেজ স্থাপন কৰাতো সচাকৈ প্ৰশংসনীয় ৷” এই মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ৷ কালি ঢাকালীয়াপাৰাস্থিত মা পৰাণ বি এড কলেজৰ ভৱন উদ্বোধন কৰি সাংসদ গৰাকীয়ে লগতে কয় যে, বহু বাধা নেওচি এনে শিক্ষানুষ্ঠান স্থাপন কৰি শিক্ষাৰ্থীক গুণগত শিক্ষা প্ৰদান কৰি আহিছে ৷ সাংসদ গৰাকীয়ে লগতে কয় যে, ৰাস্তা ঘাটৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে শিক্ষাৰ্থী সকলে বহু সমস্যাৰ সন্মুখীন হৈ আছে ৷ অঞ্চলটোৰ ৰাস্তা ঘাট মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সাংসদ গৰাকীয়ে আশ্বাস দিয়ে ৷ ভৱন উদ্বোধনী অনুষ্ঠানত মা পৰাণ স্কুলৰ পৰিচালন সঞ্চালক ছেকন্দৰ আলী আহমেদ, কেলজখনৰ বিষয় ববীয়া আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে সাংসদ গৰাকীয়ে ১১১ নং ঢাকালীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানৰ লাই খুটা স্থাপন কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close