অসমবিশেষশীৰ্ষ

ডি চি আৰ এছত শিশু দিৱস উদযাপন    

দেশৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে উদযাপন কৰে দিগন্ত’জ চাইল্ড ৰিহেবিলিটেচন ছাভিচেজ (ডি চি আৰ এছ)ৰ শিশুসকলে। আই এছ অ’ প্রমাণপত্র পােৱা উত্তৰ-পূর্বাঞ্চলৰ শাৰীৰিক প্রতিবন্ধকতা আৰু স্পাইনেল আঘাতৰ চিকিৎসাৰ প্ৰথমটো কেন্দ্র দিগন্ত’জ ফিজিঅ’থেৰাপী এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ (ডি পি আৰ চি)ৰ অধীনৰ ডি চি আৰ এছৰ বিশেষভাৱে সক্ষম শিশুসকলে বিভিন্ন কার্যসূচীৰে শিশু দিৱস পালন কৰে। বিয়লি ৩.৩০ বজাত আৰম্ভ হােৱা এই কাৰ্যসূচীত প্রায় দুঘণ্টা ধৰি শিশুসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। ডি পি আৰ চি-ডি চি আৰ এছৰ ৰাজগড়স্থিত মুখ্য কার্যালয়ত আয়ােজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিশু স্নায়ুৰােগ বিশেষজ্ঞ ডাঃ মনালিছা গােস্বামী শৰ্মাই। ডি চি আৰ এছৰ শিশুসকলে ২০২০ চনৰ শিশু দিৱসত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত অনুষ্ঠান পৰিৱেশন কৰিব বুলি ঘােষণা কৰে ডি পি আৰ চিৰ পৰিচালন সঞ্চালক দিগন্ত দাসে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close