অসমবিশেষশীৰ্ষ

ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্য্যালয়ৰ যুগান্তকাৰী পদক্ষেপ

আদালতৰ সকলো কামত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ

যিটো সময়ত পশ্চিমীয়া সংস্কৃতি তথা আধুনিকতাৰ ধামখুমীয়াত অসমীয়া ভাষা-সংস্কৃতিয়ে নিজৰ মৰ্যাদা হেৰুৱাব লৈছে।সেয়ে আজি অসমীয়া জাতি ৰক্ষাৰ বাবে অসমীয়াই আন্দোলন কৰিব লগীয়া হৈছে। ইয়াতকৈ হয়তো লাজলগা কথা বৰ্তমান সময়ত নাই।কাৰণ যিয়ে নহওক কিয় এইবেলি নববৰ্ষই অসমীয়া ভাষাটোৰ বাবেও আনিছে এক ভাল খবৰ। কিয়নো নৱবৰ্ষৰ প্ৰথম সপ্তাহতে ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্য্যালয়ে দেখুৱালে মহৎ আদৰ্শ । আদালতৰ সকলো কামত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।এই আদৰ্শ সকলোৱে গ্ৰহণ কৰা উচিত। সচাকৈয়ে যদিহে এই পদক্ষেপ সমগ্ৰ অসমতে কাৰ্যকৰী হয় তেন্তে অসমীয়া ভাষা-সংস্কৃতি সগৌৰৱে নিজৰ স্বাভিমানসহ জিলিকি ৰব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close