বিশেষশীৰ্ষস্বাস্থ্য

ডায়েবেটিজ বা মধুমেহ মহামাৰী : লক্ষণ বোৰ জানো আহক

ডা মুকুট চাংমা

ডায়েবেটিজ বা মধুমেহ অসংসক্ৰমিত ৰোগ বোৰৰ ভিতৰত অন্যতম। আধুনিক চিকিৎসা বিজ্ঞানৰ যথেষ্ট সাফল্যতাৰ পাছতো কিন্তু সমগ্ৰ বিশ্বত দিনক দিনে ডায়েবেটিজ ৰোগীৰ সংখ্যা বাঢ়ি গৈয়ে আছে।মধুমেহ বা ডায়েবেটিজত শৰীৰৰ ইনচুলিন নামৰ হৰ্মনবিধৰ উৎপাদনত ব্যাঘাত জন্মে আৰু ইনচুলিনৰ লেভেল ৰক্তত কমি আহে। আমি জানো যে অগ্নাশয় (Pancreas) ৰ পৰা নিৰ্গত হোৱা ইনচুলিনেই শৰীৰত Sugar ক শক্তিলৈ ৰূপান্তৰ কৰে।কিন্তু এই ইনচুলিনেই যেতিয়া ব্লাডত নোহোৱা হয় বা কমি যায় তেতিয়াই শৰীৰত শৰ্কৰা বা গ্লুক’জৰ পৰিমান বাঢ়ি যায়।
#কেনেকৈ গম পাব আপোনাৰ শৰীৰত ডায়েবেটিজ বা মধুমেহ ৰোগে গা কৰিছে বুলি?
#জানো আহক লক্ষণবোৰ –
১)বেছিকৈ ভোক লগিব।
২)বেছিকৈ পিঁয়াহ লগিব আৰু ডিঙি শুকাই আহিব।
৩)বেছিকৈ পেচাব লাগিব।
৪) শৰীৰৰ ওজন অস্বাভাৱিক ভাৱে হ্ৰাস হব।
৫) অত্যধিক টোপনি বা টোপনিৰ ভাব হব আৰু অনবৰতে ভাগৰ লাগিব।
৬)চকুৰে দেখাত অসুবিধা হব,জলক-তবক দেখিব।
৭) শৰীৰৰ কোনো অংশত ঘাঁ হলে বা কাটিলে সোনকালে নুশুকাব।
৮)কৰঙনো বা যৌনাংগত প্ৰায়েই খজুৱতি হব।
৯)পেচাব কৰা ঠাইলৈ পোক পৰুৱা আকৰ্ষিত হব।
১০) হাত-ভৰি জিনজিনাব বা কেতিয়াবা অবশ হৈ পৰিব।

উপৰোক্ত লক্ষণ বোৰ যদি কেনেবাকৈ আপুনি আপোনাৰ শৰীৰত দেখা পাইছে তেনে ততাতৈয়াকৈ চিকিৎসকৰ কাষ চাপক আৰু ৰক্ত ও প্ৰস্ৰাৱ পৰীক্ষা কৰাওক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close