অসমবিশেষ

টৌভঙা-ইটাখোলাত বহু উলহ মালহৰে ষট পূজা পালন 

চন্দন শৰ্মা,জামুগুৰিহাট

বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো নদুৱাৰৰ অন্তৰ্গত টৌভঙাস্থিত জীয়া ভৰলী নদীৰ লগতে বৈমৰা নদীৰ পাৰত আৰু ইটাখোলাস্থিত দিকৰাই নদীৰ ঘাটত বহু উলহ-মালহৰে ষট পূজা পালন । ইটাখোলাৰ দিকৰাই নদীৰ পাৰত ২, ৩ আৰু ৪ নম্বেৱৰত ব্যাপক ৰূপে তথা ধুমধামেৰে ইটাখোলা ষট পূজা সমিতিৰ উদ্যোগত পূজা ভাগ অনুষ্ঠিত হ’ব । বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো দিকৰাই নদীৰ ঘাটত ভক্ত গণে উদয়গামী আৰু অষ্টগামী সূ্ৰ্য্যক পূজা আৰাধনা কৰিবলৈ উক্ত ঘাটটো ৰং বিৰঙৰ বৈদুৎতিক লাইটৰে সজাই তোলে । লগতে পূজাথলীলৈ অৰ্থাৎ উক্ত ঘাটলৈ ভক্ত গণৰ অহা যোৱাৰ সুবিধাৰ্থে ঘাটৰ চাৰিও ফালে এক  কিলোমিটাৰ দূৰত্বলৈকে অস্থায়ী  পোহৰৰ ব্যৱস্থা কৰা হৈছে । পূজা সমিতিৰ সভাপতি /সম্পাদক বিক্ৰমজিৎ চাহ আৰু সুনিলে চাহি জানিবলৈ দিয়ে যে এইবাৰ পূজাৰ লগত সংগতি ৰাখি ৪ নৱেম্বৰত ইটাখোলা ব্যৱসায়ী কেন্দ্ৰস্থলৰ মাজ মজিয়াত এখন সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে । উক্ত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ’ব সুদুৰ বিহাৰৰ জনপ্ৰিয় ভোজপুৰী গায়ক বিজয় সিং ৰাঠুৰ আৰু নেপালৰ হিন্দী গায়ক বৰ্ষা শ্ৰেষ্ঠ । গতিকে এই ব্যয়বহুল পূজা ভাগ আৰু পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া ভাগ সফল ৰূপে সমাপন কৰিবলৈ স্থানীয় ৰাইজৰ সহায় সহযোগ পূজা সমিতিয়ে কামনা কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close