অসমবিশেষশীৰ্ষ

টৌভঙাত আলি আয়ে লৃগাং উদযাপন

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত টৌভঙা গাঁও উন্নয়ন সমিতি আৰু উদযাপন কমিটিৰ উদ্যোগত মুৰং অকুম লত্তাৰ প্ৰাঙ্গনত বয়োবৃদ্ধ, পুৰুষ-মহিলা, যুৱক-যুৱতিৰ লগতে কন কন শিশুসকলেও বহু উলহ মালহৰে উদযাপন কৰে মিচিং জনগোষ্ঠীসকলৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং । কাৰ্যসুচীমৰ্মে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে উন্নয়ন সমিতিৰ সভাপতি দ্বিপেন মিলি আৰু উন্নয়ন সমিতিৰ সহযোগী মুকেশ লিংকুয়ে ।

তাৰপিছতে অঞ্চলৰ জাতীয় শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলী জনায় অঞ্চলৰ লোকসকলে । তৰ্পক হিচাপে উপস্থিত থাকে টৌভঙা গাঁও উন্নয়ন সমিতিৰ উপদেষ্টা চিবেন মিলি । তাৰপিচত লৃগৌদ অনুষ্ঠানভাগ সম্পন্ন কৰি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই সমগ্ৰ টৌভঙা অঞ্চলত ঢোল, তালৰ ধ্বনিৰে মুখৰিত কৰে । তাৰপিচতে গোমৰাগ ছ:মানভাগ ফিটা কাটি মুকলি কৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চতিয়া বিধান সভা সমষ্টি তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকাই । মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰেছ উপদেষ্টা ঋষিকেষ গোস্বামী । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈ । বিধায়ক পদ্ম হাজৰিকাই ভাষন প্ৰসংগত কয় যে, “নিজৰ জাতিক সন্মান দিলেহে জাতিৰ অস্থিত থাকিব ।” লগতে সুন্দৰ বিহু এফাকি পৰিৱেশন কৰি সকলোৰে মন জয় কৰে । অহা কালি সন্ধ্যা ৭ বজাৰ পৰা সাংস্কৃতিক সন্ধ্যা আৰাম্ভ হ’ব বুলি জানিবলৈ দিয়ে জীয়াভৰলী মিছিং স্বায়ত্ব শাষিত পৰিষদৰ সদস্য ৰাজু চিন্তেৰ লগতে লৃগাং উদযাপন সমিতিৰ সভাপতি কৃষ্ণ ঙাতেই । লগতে জানিবলৈ দিয়ে যে আকৰ্ষনীয় অনুষ্ঠান থাকিব জনপ্ৰিয় কন্ঠশিল্পী পবা গৌৰৱ মিলি আৰু তেওঁৰ সঙ্গীবৃন্দসকলৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close