অসমবিশেষশীৰ্ষ

টুপিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত টুপিয়াৰ সামুহিক ভৱনৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে । উক্ত গণৰাজ্য দিৱসত উত্তোলক হিচাপে উপস্থিত থাকি ৭৫ নং চতিয়া বিধান সভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাই গধুৰ ভাষন প্ৰসংগত সমুহ চতিয়া সমষ্টিবাসী ৰাইজক সম্বোধন কৰাৰ লগতে টুপিয়া অঞ্চলৰ দেশৰ বাবে সেৱা আগবঢ়োৱা প্ৰাক্তন সৈনিক সকল, জেষ্ঠ নাগৰিক সকল তথা বিভিন্ন ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা নাগৰিক সকলকো সম্বৰ্দ্ধনা জনায় । উক্ত গণৰাজ্য দিৱসৰ অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিবেশন কৰে প্ৰকাশ প্ৰধানে । বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমূদৈ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close