ক্ৰীড়াঙ্গণবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

টিম ইণ্ডিয়াৰ নতুন ৰূপ

অচিৰেই নতুন জাৰ্চিৰে খেলপথাৰত টিম ইণ্ডিয়া

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ঘৰুৱা ক্ৰিকেট শৃংখলাত নতুন ৰূপত দেখা পোৱা যাব টীম ইণ্ডিয়াক।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে অপো (APPO)ৰ পৰিৱৰ্তে নতুন বাইজুচ ( BYJU’s)ৰ জাৰ্চি পৰিধান কৰি এইবাৰ খেল পথাৰত নামিব।ভাৰতীয় দলৰ সৈতে চাইনীজ স্মাৰ্ট ফোন নিৰ্মাতা প্ৰতিষ্ঠান অপোৰ চুক্তি সমাপ্ত হোৱাৰ পাছতে বি চি চি আইৰ সৈতে বাংগালুৰুস্থিত লাৰ্নিং এপ বাইজুচে চুক্তি সম্পাদন কৰে।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলটো ৪ ছেপ্তেম্বৰত ঘোষণা কৰাৰ কথা আছিল যদিও নতুন প্ৰতিষ্ঠানটোৱে জাৰ্চি প্ৰস্তুত কৰোতে সময় লোৱাৰ কথা বিবেচনা কৰিয়ে ২৯ আগষ্টত ভাৰতীয় দলটো আগতীয়াকৈ ঘোষণা কৰে।ভাৰতে ১৫ ছেপ্তেম্বত ধৰমশালাত, ১৮ ছেপ্তেম্বৰত মোহালিত আৰু ২২ ছেপ্তেম্বৰত বাংগালুৰুত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টি-২০ খেলত অংশ ল’ব।১৫ ছেপ্তম্বৰৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত চাইনীজ অপোৰ পৰিৱৰ্তে দেশীয় বাইজুচৰ লগোৱে ভুমুকি মাৰিব। উল্লেখযোগ্য যে, এতিয়া টিম ইণ্ডিয়াৰ এই নতুন ৰূপ চাবলৈ দেশবাসীয়ে বহু উৎকন্ঠাৰে বাদ চাই ৰৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close