বিনোদনবিশেষশীৰ্ষসাংস্কৃতিক

টিকটকত জেকুলীন

বলিউডৰ জনপ্রিয় অভিনেত্রীসকলৰ ভিতৰত অন্যতম জেকুলীন ফার্ণাণ্ডেজ। অভিনয় দক্ষতাৰে বি টাউনত খােপনি পুতিবলৈ সক্ষম হােৱা মােহময়ী অভিনেত্রীগৰাকীৰ ইখনৰ পাছত সিখনকৈ সফল ছবি উপহাৰ দি বলিউডী অনুৰাগিৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অৱশ্যে চলিত বৰ্ষত সােণালী পৰ্দাৰ পৰা আঁতৰি থাকিলেও টি-টত চুটি ভিডিঅ’ বনােৱাত ব্যস্ত জেকুলীন।

যাৰ ফলত ২০১৯ বৰ্ষত টিক-টকৰ অনুৰাগিৰ তালিকাত শীর্ষ স্থান দখল কৰে সৌন্দর্যময়ী অভিনেত্রীগৰাকীয়ে। ২০১৯ত তেওঁৰ অনুৰাগিৰ সংখ্যা ৯৫ লাখ হােৱাৰ বিপৰীতেৰীতেশ দেশমুখে ৬৮ লাখ ফলােৱাছেৰে তালিকাৰ দ্বিতীয় স্থানত থাকে। ৩৪ বর্ষীয়া শ্রীলংকামুলৰ অভিনেত্রীগৰাকীয়ে বর্তমান কেইবাটাও নতুন প্রজেক্টক লৈ ব্যস্ত। ইফালে সংগীতশিল্পীৰ তালিকাত নেহা কক্কৰে ১.২৫ কোটি অনুৰাগিৰে শীর্ষ স্থানত থকাৰ বিপৰীতে গুৰু ৰন্ধবাই ৫৮ লাখ ফলােৱাৰ্ছেৰে দ্বিতীয় স্থানত থাকে।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close