আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

জোনবাইত ছাংগে-৪ ছেকিয়াও

চীনে কৃত্রিম জোনবাই আৱিষ্কাৰৰ পিছতেই চৰ্চালৈ আহিছে প্রকৃত জোনবাইটো। পূর্বৰ পৰাই জোনবাইক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। অন্য গ্রহ-নক্ষত্ৰৰ সমান্তৰালকৈ ই এক চর্চিত বিষয়। নাছাই ইয়াক লৈ বহু গৱেষণা পূৰ্বৰ পৰাই অব্যাহত ৰাখিছে। নাছাৰ এই গৱেষণাকালত বহু নতুন তথ্য পােহৰলৈ আহিছে যদিও জোনবাইৰ বিপৰীত দিশৰ তথ্য কিন্তু এতিয়ালৈকে উন্মােচন ঘটা নাই। সেয়ে এইবাৰ চীনে জোনবাইৰ বিপৰীত দিশত গৱেষণা অব্যাহত ৰাখিবলৈ যাে-জা চলাইছে। জোনবাইৰ বিপৰীত অর্থাৎ সিপিঠিত কোনাে মাটিৰ অংশ বা কোনাে বৰফৰ স্তৰ আছে নেকি এই ৰহস্য ভেদ কৰিবলৈ চীনে এইবাৰ তাত মানুহ পঠোৱাৰ পৰিকল্পনা হাতত লৈছে। সেই উদ্দেশ্যেই মহাকাশলৈ যাবলৈ সাজু হৈছে চীনৰ লেণ্ডাৰ ছাংগে-৪। ইয়াৰ সমান্তৰালকৈ ইয়াৰ লগত পঠোৱা হ’ব অন্য এটি ৰােভাৰ। শেহতীয়া তথ্য অনুসৰি জোনবাইৰ যিটো অংশ আমি সাধাৰণতে দেখা নাপাওঁ সেই অংশ বা কক্ষপথত ঘূৰিব চীনৰ এই ‘ছেকিয়াও’ নামৰ উপগ্ৰহটো। কক্ষপথৰ পৰা ছাংগে-৪ৰ ওপৰত তীক্ষ দৃষ্টি ৰাখিব উপগ্ৰহটোৱে। উল্লেখ্য যে, চীনৰ নেচনেল স্পেচ এডমিনিষ্ট্রেচন গ্রাউণ্ড ষ্টেচন আৰু ছাংগে-৪ৰ সৈতে বার্তা বিনিময় কৰিব চীনে। ফলত শীঘ্রেই বহু ন ন তথ্য পােহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close