চলচ্চিত্ৰজগতশীৰ্ষ

জেৰিণাৰ ডালিমগুটীয়া হাঁহি

দিব্য জ্যোতি দাস

 

অসমীয়া ছবি জগতলৈ সােণালী দিন ঘূৰি অহাৰ সময়তে নৱাগত কলাকুশলীৰ অভিনয়ে ছবি অনুৰাগৰ মনত এক সুকীয়া স্থান লাভ কৰিছে। বিশেষকৈ জুবিন গাৰ্গৰ নৱতম ছবি ‘কাঞ্চনজংঘাত অন্তৰাৰ চৰিত্ৰত অভিনয় কৰা জেৰিণাৰ অভিনয়ে দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উত্তৰ অসমৰ পৰা বৰাকভেলীলৈ প্ৰতিজন যুৱ প্ৰজন্মৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰিছে জেৰিণা বৰুৱাই। কেৱল যে অভিনয়ৰ বাবেই ছবিজগতত স্থান লাভ কৰিছে তেনে নহয় জেৰিণাৰ ডালিমগুটীয়া হাঁহি, কাজলসনা দুচকু আৰু বন্ধত্বসুলভ ব্যৱহাৰৰ বাবেও জলিউডত এক বিশেষ স্থান দখল কৰিছে। সৰুৰে পৰা গান শুনি ভালপােৱা জেৰিণাই উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় উচ্চতৰ আৰু স্নাতক (বিজ্ঞান) আৰু অসম বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত সন্মানীয় বিষয় হিচাপে স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰিছে।

বর্তমান দিছপুৰ আইন মহাবিদ্যালয়ৰ ছাত্রী উদীয়মান অভিনেত্রীগৰাকী। গাঁৱৰ নামঘৰৰ দবাশংখ,বৰতাল, খােল, নাগাৰাৰ শব্দৰ মাজত ডাঙৰ-দীঘল হােৱা জেৰিণাই অভিনয়ৰ উপৰিও সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ জীৱনৰ আধাৰত কিতাপ প্ৰকাশ কৰি অসমৰ আটাইতকৈ কনিষ্ঠ লেখক হিচাপে খ্যাতি অর্জন কৰিছে। শেহতীয়াকৈ কেইবাটাও নতুন প্রজেক্টক লৈ ব্যস্ত জেৰিণা।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close