অসমবিশেষশীৰ্ষসাংস্কৃতিক

জেস্তৰ উদ্যোগত দশম মিছ ইণ্ডিয়া নর্থ ইষ্ট

নর্থ ইষ্ট ফেশ্বন আৰু মডেলিং ক্ষেত্ৰখনক আগুৱাই অনাৰ বাবে জেস্ত ইভেন্টে প্রতিবছৰে আয়োজন কৰা মিছ ইণ্ডিয়া নর্থ ইষ্ট এইবেলি যােৱা ১ ফেব্ৰুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আড়ম্বৰপূর্ণভাৱে অনুষ্ঠিত হয়। দশম বছৰত ভৰি দিয়া মিছ ইণ্ডিয়া নর্থ ইষ্ট প্ৰতিযােগিতাখনত উত্তৰ-পূর্বাঞ্চলৰ সুন্দৰীৰ খিতাপ দখল কৰে অসমৰ ৰীশিতা বৰাই। আনহাতে মেঘালয়ৰ এদোৰাইলিনি ডি ছায়িনে প্রথম ৰাণাৰ্চআপ আৰু নাগালেণ্ডৰ নেম ৰজ মেৰীয়ে দ্বিতীয় ৰাণাৰ্চআপৰ খিতাপ দখল কৰে। আনহাতে অন্যান্য শিতানত কেইবাগৰাকী প্রতিযােগীয়ে পাৰদৰ্শিতাৰ ভিত্তিত খিতাপ আজুৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত মিছ পাৰ্ফেক্ট হিচাপে জেনিফাৰ গগৈ, মিছ কেটৱাক ৰভিনু লামাক, ডাৱৰ গুলাবৰী মিছ বিউটিফুল স্কীণৰ খিতাপ দখল কৰে ৰূপশালী প্রধানে। মিছ পাৰ্ছনেলিটি হিচাপে নির্বাচিত হয় অলিভিয়া বেনাৰ্জী। মিছ এক্টিভিটিং আইচৰ খিতাপ প্রিয়া শৰ্মা, মিছ ফটোজেনিক মিন বৰা, মিছ কংগীনিয়েলিটি নিম ৰজ মেৰী, মিছ বিউটিফুল স্মাইল সুস্মিতা কুমাৰী, মিছ  ট্ৰান্সলছেন্ট হেয়াৰ নীলঞ্জনা কলিতা,মিছ ভিভাচিবাছ বিষিতা বৰা, মিছ মেটৰ চইছ অনিতা হাজৰিকা, মিছ টেলেন্টেড হিচাপে এদোৰাইলিনি  ডি ছায়িন নির্বাচিত হয়। প্রতিযােগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট ফেশ্বন ডিজাইনাৰ বৰষা আদিত্য সিং, প্রাণজিৎ চেতিয়া, পাপৰি দত্ত,পায়েল অচান গােস্বামী আৰু গুৱাহাটীৰ ডনবন্ধ স্কুলৰ শিক্ষক জেমছ এন্থনী।উল্লেখ্য যে, প্রতিযােগিতাখনত উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ ৩০ গৰাকীতকৈ অধিক প্রতিযােগীয়ে অংশগ্ৰহন কৰিছিল।অসমৰ জনপ্রিয় মাহেকীয়া পাৰিবাৰিক আলােচনী ‘বিছুৰিত বৰ্ণালী’ প্ৰচাৰ সহাযােগী হিচাপে থকা প্ৰতিযােগিতাখনত উত্তৰ-পূর্বাঞ্চলৰ থলুৱা সাজপাৰৰ লগতে অন্যান্য সাজপাৰো প্রদর্শন কৰা হয়। এইসমগ্র অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হােৱাৰ বাবে জেস্ত ইভেন্টৰ চিইঅ প্রতিশ্যাম দাসে সকলোৱে আগবঢ়োৱা সহাযােগিতাক শলাগ লয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close