বিশেষশীৰ্ষস্বাস্থ্য

জেতুকাৰ গুণাগুণ

মহিলাসকলৰ প্রিয় বস্তু সমূহৰ ভিতৰত জেতুকা অন্যতম। উৎসৱ-পার্বণ, বিয়া-সভা-বিহু আদিকে ধৰি বিভিন্ন অনুষ্ঠানত জেতুকাই পায় আগস্থান। ইয়াৰ লগতে বাণিজ্যিক দিশতাে এই জেতুকাই বর্তমান অগ্রণী ভূমিকা পালন কৰা দেখা গৈছে। কিন্তু এই জেতুকাৰাে আছে বহু ঔষধি গুণ। জেতুকাৰ উপকাৰিতা সম্পর্কে তলত আলােচনা কৰা হ’ল:

গাঁঠিৰ বিষ, হাত-ভৰি জ্বলা পােৰা কৰা আদি ৰােগত জেতুকাৰ পাত বটি সেই স্থানত লেপ লগালে আৰাম পােৱা যায়। বিভিন্ন ধৰমৰ চর্ম ৰােগত জেতুকা পাতৰ লেপ লগালে সুফল পােৱা যায়।

জেতুকাৰ পাত পানীত উতলাই সেই পানীৰে কুলি কুলি কৰিলে মুখ আৰু ডিঙিৰ বিভিন্ন ৰােগ উপশম হয়। শৰীৰৰ কোনাে স্থান আঘাতপ্রাপ্ত হৈ তেজ ওলালে আৰু ফুলি উঠিলে জেতুকাৰ প্রয়ােগে সেই আনত তেজ ওলােৱা আৰু ফুলি উঠা নাইকিয়া কৰে। চুলি সৰিলে আৰু মূৰত উফি হলে জেতুকাৰ পাত মূৰত লগালে চুলি সৰা কমে আৰু উফিও নােহােৱা হয়। প্রবাহিকা আৰু ৰক্ত অতিসাৰ ৰােগত জেতুকাৰ বীজ পিচি সেৱন কৰিলে সুফল পােৱা যায়। নানাধৰণৰ ৰক্তবিকাৰ আৰু ৰক্তপিত্ত ৰােগত জেতুকাৰ পাত পানীত উতলাই সেই পানী খালে নাইবা ৰস খালে সেই ৰােগ উপশম হয়। জণ্ডিচ ৰােগত জেতুকা পাতৰ ৰস সেৱন কৰিলে সুফল পােৱা যায়। প্রস্রাৱ কমকৈ হ’লে বা জ্বলা পােৰা কৰিলে নাইবা আন কোনাে সংক্রমণত জেতুকা পাতৰ ৰস চেনি বা মিচৰিৰ লগত খালে যথেষ্ট সুফল পােৱা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close