
বিজেপি চৰকাৰে দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰে পৰা প্ৰতিগৰাকী ব্যক্তিৰ মুখত নামৰ পাছত জি শব্দটো খুবেই উচ্চাৰিত। উদাহৰণস্বৰূপে মােডীজী, জিঅ’কে ধৰি অমিতজী আদি। মুঠতে নামৰ পাছত জি নহ’লে সম্পূর্ণ নহয় মানুহৰ নাম। সেইবাবে এতিয়া বলিউডতাে চলিছে জি নামৰ চৰ্চা। বি টাউনৰ ছুপাৰষ্টাৰসকলৰ ভিতৰত অন্যতম অভিনেতা তথা বিজেপিৰ সাংসদ চানী দেউলে তেওঁৰ নতুন ছবি ‘জি ৪৯’ৰ শ্বুটিংৰ কাম আৰম্ভ কৰিছে। এনধর্মী ছবিখন কেতিয়া মুক্তিলাভ কৰিব সেই বিষয়ে উল্লেখ কৰা নাই অভিনেতাগৰাকীয়ে।