সৃজন

জিৰাকপুৰৰ আবেলি

প্ৰীতিষা গোস্বামী, সৰভোগ

(১)

শাৰী শাৰী অৰ্জুন গছৰ মাজত লাহে লাহে বেলিটো লুকুৱাইছিল। চণ্ডীগড়ৰ চেক্টৰ ২২ আৰু চেক্টৰ ১৭ অভিমুখে ৰাজপথেৰে যোৱা গাড়ীৰ দ্ৰুত হৈছিল গতি। জিৰাকপুৰৰ ৰেডিচন হোটেলৰ সন্মুখত থকা বগা গুলঞ্চজোপাই সুবাস বিলাই দিছিল জিৰাকপুৰৰ চৌপাশে। হোটেলৰ প্ৰথম শাৰী কোঠাৰ সন্মুখৰ পৰা দেখা গৈছিল ওখ ওখ দালানৰ শাৰী। দূৰৈত কাউৰীৰ কিচিৰ-মিচিৰ শব্দই জাননী দিছিল আবেলিৰ। সেই কাউৰীৰ কন্ঠই সোঁৱৰাই দিছিল, উজান বজাৰৰ সুমধুৰ স্মৃতি। উমানন্দৰ বুকুত জাহ যোৱা আবেলিৰ ৰঙা বেলিটো কেনেকৈ আকাংক্ষাৰ ছাকি হৈ জ্বলিছিল বুকুত। সময়ৰ হাতোৰাই মোহাৰি পেলোৱা বহুতো সপোনৰ অৱশিষ্ট বাৰিষাৰ ব্ৰহ্মপুত্ৰই থৈছিল সামৰি। পানবজাৰৰ কিতাপৰ অৰণ্যত সপোনবোৰে বগাই ফুৰিছিল জীৱনৰ পৃষ্ঠাবোৰ।আবেলিৰ আন্ধাৰবোৰ আঁতৰাই পোহৰক আমন্ত্ৰণৰ বাবে হোটেলৰ কোনোবাতো কোঠাত জ্বলি উঠা নাছিল বিজুলী বাতি। কোনোবাতো কোঠাত হোৱা হাঁহিৰ বিস্ফোৰণত আহত হৈছিল আন এটা চুবুৰি। কোনোবাতো কোঠাত নীৰৱ চকুলোৰে সেমেকি উঠিছিল আবেলিটো। নিয়ন লাইটৰ তীব্ৰ পোহৰত মানুহৰ মনৰ বুৰঞ্জী হেৰাই গৈছিল আৰু জীৱনৰ ভূগোল ক্ৰমশ: হৈ পৰিছিল অস্পষ্ট। লিফ্টত উঠি এটাৰ পিছত এটা মহলা বগাওঁতে আনুষ্ঠানিকতা ৰক্ষাৰ বাবেই কেৱল হৈছিল কুশল বাৰ্তাৰ বিনিময়। অতিপাত প্ৰসাধনত লুকাই ঢকা ছোৱালীজনীৰ হাঁহিৰ উৎস গম নোপোৱাকৈয়ে পাৰ হৈছিল আবেলি। অকাৰণ সতৰ্কতাৰ আঁৰত লুকাই থকা বৃদ্ধ মানুহজনৰ চকুপানীৰ উৎসবোৰ নেদেখাকৈয়ে আগমন ঘটিছিল আন এটি দিনৰ। সময়বোৰ ব্যস্ত আছিল আৰু সম্পৰ্কবোৰ আছিল কৃত্ৰিম। কৰ্তব্যৰ এডাল মাত্ৰ মিহি সুঁতাৰে বন্ধা আছিল সকলোবোৰ।

(২)

মোবাইলৰ পৰ্দাত জিলিকি উঠিছিল ভনীয়েকৰ এটি সৰু বাৰ্তা। ‘কেতিয়া আহিবি? প্ৰতি বাৰ্তা প্ৰেৰণ হৈছিল, ‘কিয়?’
এই কিয়ৰ কোনো উত্তৰ নাছিল। কাৰণ ভনীয়েকে জানে তাই কেতিয়া উভতি যাব। তথাপি সুধিছিল, অধৈৰ্য সময়ৰ তাগিদাত। কোনো এক আত্মীয়ই মাকক জোৰ দিছিল তাইৰ বিয়াৰ বাবে। তাইৰ অবৰ্তমানত তাইৰ অজ্ঞাতে বিয়া ঠিক কৰি পেলোৱাৰ এক ভিত্তিহীন প্ৰস্তাৱ দাঙি ধৰিছিল মাকৰ সন্মুখত। সেইবাবেই ভনীয়েকে হঠাতে ফোন কৰিছিল তাইলৈ।

কোনো কৃত্ৰিমতা বুজি নোপোৱা আৰু মাটি চুই, ফুলৰ সৈতে কথা পাতি, চৰাই হৈ আকাশত উৰাৰ কল্পনা কৰা ছোৱালীজনীয়ে বন্ধন ভালপোৱা নাছিল। সামাজিক ৰীতি-নীতিৰ উশাহ বন্ধ হোৱা কদৰ্যতা আৰু সমাজৰ জটিলতাৰ পৰা বহু দূৰত তাই অৱস্থান কৰিছিল। সেইবুলি ঘৰৰ দায়িত্বৰ ক্ষেত্ৰত কোনোদিনে অৱহেলাও কৰা নাছিল। সামান্য এটা কথাতে ঘৰৰ সৈতে সম্পৰ্ক ছিন্ন কৰা বায়েকৰ কাৰণে তাই যিমান চিন্তিত হৈছিল, সিমানে চিন্তিত হৈছিল মাকৰ উদ্বিগ্নতাত। অসুস্থ মাকক একমাত্ৰ কৰ্তব্যৰ তাগিদাতে এৰি থৈ আহিবলগীয়া হৈছিল। সংসাৰৰ কোনো আও-ভাও বুজি নোপোৱা ভনীয়েকজনীৰ ওচৰত মাকক এৰি থৈ অহাৰ সময়ত বুকুখন গধুৰ হৈ পৰিছিল তাইৰ। মনত অনবৰতে কঢ়িয়াই ফুৰা অভিমান আৰু অভিযোগৰ দীঘলীয়া তালিকাখনৰ আঁৰত লুকাই থকা দেউতাকৰ ভাৱলেশহীন মুখখন তাই কেতিয়াবা জুমি চাবলৈ চেষ্টা কৰে। কিন্তু মনৰ অন্ধকূপত শতিকাজুৰি পালিত অনাদৰ আৰু অৱহেলাৰ আন্ধাৰে তাইক একো চোৱাৰ সুযোগ দিয়া নাছিল কোনোদিনে। ক্ৰমশ: চণ্ডীগড়ৰ বিখ্যাত ৰ’জ গাৰ্ডেনত অস্থিৰ হৈ উঠিছিল সময়। চণ্ডীগড়ত যেতিয়া প্ৰবাসী অসমীয়াৰ সান্নিধ্যত আবতৰীয়া বিহুৰ ৰোল উঠিছিল; তাইৰ বুকুত বাজি উঠিছিল এটি নামহীন ঢোলৰ চেঁৱ। ৰিণি ৰিণি কাণত পৰিছিল বাঁহীৰ কৰুণ সুৰ। মাকৰ দীৰ্ঘদিনীয়া মৌনতা, দেউতাকৰ অন্তহীন অভিযোগ, বায়েকৰ সীমাহীন ক্ষোভ আৰু ভনীয়েকৰ অকাৰণ উদ্বিগ্নতাৰ মাজত একো একোখন মহাকাব্য লুকাই আছিল। কিন্তু এই সকলোবোৰৰ মাজত কিয় তাই এক নামহীন সেঁতু হৈ সদায়ে ওলমি থাকে এই প্ৰশ্নৰ উত্তৰ তাইৰ ওচৰত নাছিল। মনৰ কথাবোৰ ক’ব নোৱাৰাৰ ভৰতে তাই মৌন হৈ আছিল বেছিভাগ সময়। তাই জানে তাইক কোনেও নুবুজে। এটা সময়ত তাই কৈ কৈ ভাগৰি পৰিল বাবেই এতিয়া নিশ্চুপ হৈ থাকে। তাইৰ ভাৱৰ পৃথিৱীত, শব্দৰ কোলাহল তাই নিবিচাৰে। অন্যায়ৰ পথাৰত তাই ন্যায় সিঁচিবলৈ কীটনাশকো হ’ব পাৰে, কিন্তু অন্যায়ৰ হাতত ধৰি তাই পাহাৰ আৰোহণ কৰি বিজয়ৰ মুকুট পিন্ধিব কেতিয়াও নিবিচাৰে। কোনেও ভাল বুলি প্ৰশংসা নকৰক তাইক। তাই তাই হৈ থকাৰ বাবেই, ডুব যোৱা হাঁহিৰ অৱশিষ্ট বুটুলি চকুলো হৈ সৰাতেই পায় স্বৰ্গীয় আনন্দ। লাহে লাহে চৌপাশ সেউজীয়াৰে বুলাই থোৱা ধুনীয়া চহৰখনৰ প্ৰশান্তিময় কোচত বহি অস্থিৰ হৈ পৰিছিল আবেলিটো। আন্ধাৰে মেৰিয়াই ধৰিছিল পৃথিৱীখন।

(৩)

মৌনতাৰ দীৰ্ঘ হুমুনিয়াহ হৈয়ে পাৰ হৈ গ’ল দুটা দিন। জিৰাকপুৰত সূৰ্য্য উঠিল আৰু সূৰ্য্য ডুবিল। উদিত সূৰ্য্যৰ ঈষৎ ৰঙাৰ আঁৰত যে অস্তাচলৰ বিদায়ী বেলিৰ দুখৰ ৰঙ লুকাই আছিল কোনেও খবৰ নাৰাখিলে! তাই জানে, কংক্ৰিটেৰে গঢ়া চেক্টৰ-১ ৰ ৰ’ক গাৰ্ডেনত থকা নিষ্প্ৰাণ ভাস্ক্যৰ্যৰ বুকুত কাহানিও নুঠে অনুভৱৰ ঢৌ? তথাপি তাইৰ কিয় জানো অনুভৱ হৈছিল, ৰ’ক গাৰ্ডেনত সেই আবেলি, ভঙা কাঁচৰ টুকুৰাৰে সজা বান্দৰবোৰে হঠাতে গছৰ ডালে ডালে বগাই কিৰিলি পাৰি উঠিছে। তাকে দেখি আনন্দৰ উলাহত ময়ূৰজাকেও চালি ধৰিছে। হৰিণবোৰে মাটিৰ কলহৰ পৰা পানী খাই তৃষ্ণা নিবাৰণ কৰিছে। আচৰিত কথা, সকলোতে জাগি উঠিছিল প্ৰাণৰ স্পন্দন। তাই জীৱিত হৈয়ো জীৱনৰ জটিলতাৰ ভৰত মৃত আৰু নিষ্প্ৰাণ, নিষ্প্ৰভ হৈ থাকে অথচ এই মৃত পৃথিৱীখনত প্ৰাণৰ কি অদ্ভূত সঞ্চাৰণ! সকলো আশ্বৰ্য! চণ্ডীগড়ত ড’ল হাউচৰ প্ৰাচীন পুতুলাবোৰেও দেখোন কাঁচৰ বাকচৰ পৰা ওলাই আহি তাইৰ সন্মুখত নৃত্য কৰিবলৈ ধৰিছে।
পৃথিৱীৰ সনাতন সত্যৰ প্ৰাচীন শিলালিপি হয়তো ইয়াতেই হৈ আছে খোদিত। আশাবোৰ কেতিয়াও নমৰে। ইচ্ছাবোৰ নহয় পৰাজিত ! ডুব যোৱা বেলিৰ বিপৰীত দিশতে হয়, সদায় সূৰ্যোদয়।
চণ্ডীগড়ৰ পৰা আহি গুৱাহাটীত ভৰি থওঁতে তাই সকলো ঠিৰাং কৰি পেলাইছিল। মাকৰ হাৰ্টৰ জটিল অস্ত্ৰোপচাৰ সুকলমে হৈ গৈছিল। কিন্তু বায়েকক খবৰ দিয়া হোৱা নাছিল। গুৱাহাটীৰ হোষ্টেলত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে সন্মুখত কিতাপ মেলি লওঁতেই তাই মনৰ মাজত দাহ কৰি পেলাইছিল ক্ষোভৰ জুইৰে সকলো নিকট আত্মীয়-স্বজনৰ মৃতদেহ। গতিকে কোনো আত্মীয়কো তাই ওচৰত বিচৰা নাছিল। সেই তেতিয়াই নি:সংগতা আৰু অসহায়বোধৰ সূঁতাৰে তাই গাঁঠি পেলাইছিল অকলশৰে চলাৰ বাবে এখন আত্মবিশ্বাসৰ শক্তিশালী আৰু পৈণত জাল। অস্ত্ৰোপচাৰৰ পূৰ্বে বাৰে বাৰে মাকে ফোন কৰিছিল বায়েকলৈ। ভাগিনীয়েকৰ জন্মদিনৰ দিনা যাব নোৱাৰাৰ বাবেই বায়েকে কাজিয়া কৰিছিল মাকৰ লগত। সকলো সম্পৰ্ক ছিন্ন কৰি পেলোৱাৰ কথা চিঞৰি চিঞৰি কৈছিল। সেই ৰাতি মাকে উজাগৰে কটাইছিল বহুসময়। বেছি অসুস্থ হৈ পৰিছিল দুশ্চিন্তাত। তাইৰ লগত বৈষম্য আচৰণ কৰা বুলি অভিযোগ তুলিছিল বায়েকে। কৈছিল মাকে, ভনীয়েক আৰু তাইক বেছিকৈ মৰম কৰে। মাতৃৰ মনত সন্তানৰ প্ৰতি চাগে কোনোদিনে এনে বৈষম্যৰ ভাৱ উদয় নহয়। কিন্তু সন্তানৰ প্ৰতি অভিমান থাকে। তায়ো আগতে কেইবাবাৰো মাকৰ ওচৰত এই অভিযোগ কৰিছিল। আজিকালি নকৰে। তাইৰ ইচ্ছা-আকাংক্ষা, অভিযোগ-অভিমানৰ সামান্যতম ভূ-ও তাই কাকো পাবলৈ নিদিয়ে। তাই বুজে ঘৰখনৰ বাবে এতিয়া তায়ে সাহস। সকলো প্ৰতিকূলতাৰ সৈতে মুখামুখি হ’বলৈ তাই নিজকে সদায় সাজু কৰি ৰাখে। নিজৰ সপোনক পূৰ্ণতা দিবলৈ গৈ মাক-দেউতাকৰ চকুৰ সকলো সপোন কাঢ়ি নিয়া বায়েকক তাই ক্ষমা কৰিব নোৱাৰে কোনোদিনে। অকল নিজৰ সুবিধা আদায় আৰু স্বাৰ্থ পূৰণৰ বাবেই তাই মাক-দেউতাকৰ আৱেগৰ লগত কৌশলপূৰ্ণ খেল এখন খেলি আহিছে চিৰদিন। তাই এই সকলোবোৰৰ নীৰৱ সাক্ষী। তথাপিও তেজৰ সম্পৰ্কক দলিয়াই দিব নোৱাৰে বাবেই আৰু আত্মীয়তাৰ বান্ধোন শিথিল কৰি দিব নোৱাৰে বাবেই তাই বায়েকক ভাল পাইছিল। বায়েকৰ সমস্যাক লৈ চিন্তিতও হৈছিল। পাৰ্যমানে সহায়ো কৰিছিল। অথচ তাইৰ বাবে ঘৰখনে কৰা ত্যাগৰ তাই শলাগ ল’বলৈকো কোনোদিনে সময় উলিয়াব নোৱাৰিলে। মাকৰ তপত চকুপানীবোৰে তাইক বোবা কৰি তুলিছিল। কিন্তু এটি ক্ষণৰ বাবেও তাই দুৰ্বল হোৱা নাছিল। তাইৰ মনত আছিল বায়েকৰ অভাৱৰ দিনকেইটাত মাক-দেউতাকে কেনেকৈ সাঁচতীয়া টকাকেইটা বায়েকৰ হাতত নিসংকোচে তুলি দিছিল। তেতিয়া বায়েকক সিহঁতৰ প্ৰয়োজন হৈছিল। আৰু এতিয়া মাকক বায়েকৰ প্ৰয়োজন! অপ্ৰিয় হ’লেও সঁচা যে মাক-দেউতাকৰ প্ৰথম সন্তানটোৰ প্ৰতি ভালপোৱা আৰু মোহ, সৰ্বাধিক। একেদৰে নুমুলীয়া সন্তানৰ প্ৰতিও মোহ থাকে বেছি। মাকৰ মনৰ কথা বুজিও তাই এটা সিদ্ধান্ত লৈছিল। মাকে অস্ত্ৰোপচাৰ কক্ষৰ পৰা ওলাই দুৰ্বল কন্ঠেৰে, বায়েকক মাতি পঠিয়াবলৈ কোৱাত তাই এই পোনপ্ৰথমবাৰৰ বাবে মাকৰ ওচৰত এটা চৰ্ত ৰাখিলে, বায়েক আহিলে তাই মাকৰ ওচৰত নাথাকে। হয় তাই থাকিব, নহ’লে বায়েক। সিদ্ধান্ত মাকৰ ওপৰত নিৰ্ভৰশীল। নিজৰ সকলো ইচ্ছাক জলাঞ্জলি দি সকলো সময়তে ঘৰৰ স্বাৰ্থত থিয় দিয়া তাইক লাগিব নে, ঘৰৰ সকলো ইচ্ছাক মষিমূৰ কৰি নিজৰ সপোন পূৰণৰ বাবে ঘৰৰ অমতত বিয়া হোৱা, স্বাৰ্থপূৰণৰ বাবে বাৰে ঘৰখনক ব্যৱহাৰ কৰা বায়েকক লাগিব, এই সিদ্ধান্ত আজি মাকে ল’ব!! তাই আৰু এটা শব্দও মুখুৰে উচ্চাৰণ কৰা নাই, নকৰে। মাকৰ বুকুত কামোৰ মাৰিবলৈ তাই আৰু কোনোদিনে বায়েকক মাকৰ ওচৰ চাপিবলৈ নিদিয়ে। আজি যে মাক অসুস্থ, তাৰ একমাত্ৰ কাৰণ বায়েক।

মাকৰ ফালে তাই চোৱা নাছিল। আৱেগৰ আতিশয্যত তাই আজি আৰু কোনো কাৰণতে দুৰ্বল নহয়। হস্পিটালৰ খিৰিকীৰে তাই বাহিৰলৈ চালে। সূৰ্যটো ডুবো ডুবো হৈছে। চৌদিশে ৰঙা আভাবোৰ সিঁচৰতি হৈ পৰিছে। সেই ৰঙীন পোহৰত তাই চণ্ডীগড়ৰ ৰ’ক গাৰ্ডেনত দেখা পোৱা শিল আৰু চিমেন্টৰ ভঙা টুকুৰাৰে নিৰ্মিত মানুহৰ মূৰ্তিবোৰে খোজকাঢ়ি থকা দেখা পালে। দূৰত থকা কলগছজোপাত বান্দৰবোৰে উলাহতে জপিয়াই জপিয়াই কলবোৰ টকালি পাৰি খাইছে। ভীতিহীনভাৱে হৰিণবোৰে চৰি ফুৰিছে। জাকপাতি পথৰ দুয়োকাষে থকা সেইজীয়া ঘাঁহবোৰ তৃপ্তিৰে খাইছে। তাইৰ অনুভৱত জীৱন্ত হৈ উঠা চণ্ডীগড়ৰ ৰ’ক গাৰ্ডেনৰ মূৰ্তিবোৰে তাইক অসমৰ এটা কোণত অৱস্থিত আপোন নগৰখনৰ বুকুতো দিছে প্ৰেৰণাৰ উমাল স্পৰ্শ। পেলনীয়া সামগ্ৰীৰে সঁজা নিটোল মূৰ্তিবোৰে ক্ৰমশ: মৰি অহা তাইৰ সপোনটোক বুকুৰ ভিতৰত পুনৰ জগাই তুলিছে। তাইক সাহস দিছে জীৱনৰ সৈতে যুঁজিবলৈ।
হঠাতে তাই প্ৰচণ্ড তৃষ্ণা অনুভৱ কৰিলে। টেবুলৰ ওপৰত থকা পানীৰ বটলটো তুলি ল’বলৈ হাত দুখন মেলোতেই, তাই তাইৰ হাতত এক মৃদু স্পৰ্শ অনুভৱ কৰিলে। মূৰ দাঙি চাই দেখিলে ৰ’ক গাৰ্ডেনত হাতত মাটিৰ কলহ লৈ থকা এটি মূৰ্তি জীৱন্ত মানুহ হৈ তাইৰ সন্মুখত থিয় হৈ আছে। তাই মন্ত্ৰমুগ্ধ হৈ হাতৰ আঁজলি পাতি দিলে, মানুহজনে কঢ়িয়াই অনা কলহটোৰ পৰা নিৰ্মল পানী তাইৰ হাতত ঢালি দি থাকিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close