অসমবিশেষশীৰ্ষ

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত বৃদ্ধাশ্ৰমত গৰম কাপোৰ-খাদ্য সামগ্ৰী বিতৰণ

ৰূপজ্যোতি ভূঞা, কামপুৰ

পুহমহীয়া হাড় কপোৱা জাৰৰ পৰা হাত সাৰিবলৈ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ মাজত আইন সেৱা প্ৰাধিকাৰীৰ “স্নেহবন্ধন প্ৰকল্পৰ” অধিনত জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সচিব তথা অতিৰিক্ত মূখ্য ন্যায়াধীশ প্ৰণিতা মৰাংৰ একান্ত প্ৰচেষ্টাত আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সংগৃহীত সামগ্ৰী সমূহ বৃদ্ধাশ্ৰমৰ অৰ্ধশতাধিক আৱাসীৰ মাজত কম্বল,গৰম কাপোৰ,শাৰী,কিছু খাদ্য সামগ্ৰীৰ লগতে অনান্য সামগ্ৰী সমূহ বিতৰণ কৰে ৷ উক্ত সামগ্ৰী সমূহ দান কৰে ক্ৰমে নগাঁৱৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ ৰৌচনাৰা ৰহমান,হাম হস্পিতাল হোজাই নাৰ্চিং কলেজৰ প্ৰবক্তা ফাহমিদা কৌনাইন মজুমদাৰ,সচিব প্ৰণিতা মৰাঙৰ লগতে অন্যান্য সকলে ৷অনুষ্ঠানত ড’নবস্ক হাইস্কুল হোজাইৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে ইফটচাৰা চৌধুৰী,দিশান্ত মাৰ্মি,চানভী দলে আদিয়ে সমূহ আৱাসীৰ মাজত সামগ্ৰী সমূহ বিতৰণ কৰে ৷ আনহাতে,বৃদ্ধাশ্ৰমৰ পানকাৰ্ড নথকা আৱাসী সকলক পানকাৰ্ড লাভ কৰাৰ বাবে সচিব প্ৰণিতা মৰাঙে যাবতীয় ব্যৱস্থা সমূহ কৰি দিয়াৰ কথা উল্লেখ কৰে ৷অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তা পাপুমনি বৰা,দ্বীপেন শইকীয়াৰ লগতে অন্যান্য সকল উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close