অসমবিশেষ

জামুগুৰিহাট আৰু বিশ্বনাথত ছবি “ৰত্নাকৰ”ৰ ব্যাপক প্ৰচাৰ

জামুগুৰিহাট, চন্দন শৰ্মা

জামুগুৰিহাট: অসমীয়া কথা ছবি “ৰত্নাকৰ” প্ৰচাৰৰ বাবে আজি পুৱাই জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত দিনৰ ১০ বজাত উপস্থিত হয়হি ছবিখনৰ পৰিচালক, অভিনেতা যতীন বৰা অভিনেত্ৰী বৰষা ৰাণী বিষয়া সহ শিল্পী সকল ৷ অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আজিৰ দিনটোত বিশেষভাৱে ছবিখনৰ প্ৰচাৰ চলোৱা বুলি মন্তৱ্য কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ আজি ওপজা দিনতো নিজৰ ঘৰৰ পৰা আতৰি দৰ্শকৰ লগত কটাই জন্মদিন উদযাপন কৰিলে বৰষাই ৷ লগতে জাতি মাটি ভেটি ৰক্ষা কৰা শ্বহীদ সকল আৰু প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাক স্মৰন কৰিলে বৰষাই ৷ অসমীয়া ছবিৰ প্ৰিয় অভিনেতা অভিনেত্ৰী সকলক ওচৰত পাই উৎফুল্লিত হৈ পৰা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে “ৰত্নাকৰ” কথাছবিৰ অভিনেতা অভিনেত্ৰী সকলৰ লগতে শিল্পীৰ দলটোক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ লগতে চতিয়া মহাবিদ্যালয় আৰু বিশ্বনাথ মহাবিদ্যালয়তো ছবিখনৰ প্ৰচাৰ চলালে টিম ৰন্তাকৰে ৷

বিশ্বনাথ চাৰিআলি :অসমীয়া কথা ছবি “ৰত্নাকৰ”ৰ প্ৰচাৰৰ বাবে শুক্ৰবাৰে বিশ্বনাথ মহাবিদ্যালয়ত উপস্থিত হয়হি ছবিখনৰ পৰিচালক ,অভিনেতা যতীন বৰা অভিনেত্ৰী বৰষা ৰাণী বিষয়া সহ শিল্পী সকল ৷

অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আজিৰ দিনটোত বিশেষভাৱে ছবিখনৰ প্ৰচাৰ চলোৱা বুলি মন্তৱ্য কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী সকলক ওচৰত পাই উৎফুল্লিত হৈ পৰিল মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল ।লগতে “ৰত্নাকৰ” কথা ছবিৰ অভিনেতা অভিনেত্ৰী সকল আৰু শিল্পীৰ দলটোক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে মহাবিদ্যালয় খনৰ প্ৰবক্তা সকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close