অসমশীৰ্ষ

জামুগুৰিহাটৰ সু-কন্যা মিমন মহন্তলৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নৰ্টন সুৰভী এৱাৰ্ড সন্মান লাভ

গুৱাহাটীস্থিত শ্ৰী শ্ৰী মাধৱদেব আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই বিশেষ সন্মান প্ৰদান

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ শলগুৰি গাঁও নিৱাসী নাৰায়ণ মহন্ত আৰু মিনতি মহন্তৰ সু-কন্যা মিমন মহন্তই সদ্যঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক সংগীত নৃত্য শাখাৰ চূড়ান্ত পৰীক্ষাত সত্ৰীয়া নৃত্য বিভাগত পাঞ্জাবাৰীস্থিত লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ মহাবিদ্যালয়খনৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা মিমনক যোৱা ১১ অক্টোবৰ শুক্ৰবাৰে গুৱাহাটী মহানগৰৰ পাঞ্জাবাৰীস্থিত শ্ৰীশ্ৰী মাধৱদেব আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ মজিয়াত নৰ্টন কলা নিকেতনৰ উদ্যোগত অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ নিত্যাউৎসৱৰ পৱিত্ৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নৰ্টন সুৰভী এৱাৰ্ড সন্মান প্ৰদান কৰে । ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এই বিশেষ সন্মান মিমনৰ লগতে প্ৰায় ৩৩ জনে লাভ কৰে । মিমন মহন্তৰ এই সফলতাৰ আঁৰত থকা ব্যক্তি দুগৰাকী হৈছে সত্ৰীয়া বিষাৰদ ৰামকৃষ্ণ তালুকডাৰ আৰু ৰুমী তালুকডাৰ । এই বিশেষ অনুষ্ঠানত সভাপতি হিচাপে আসন অলংকৃত কৰিছিল ৰঙাচকুৱা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী দ্বিজেন দাসে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতেই সত্ৰীয়া নৃত্য বিভাগত অষ্টম স্থান দখল কৰি সত্ৰীয়া নৃত্যৰ জৰিয়তে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মিমন মহন্তৰ এই সাফল্যত অঞ্চলবাসী উৎফুল্লিত হোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close