অসম

জামুগুৰিহাটৰ বেবেজীয়াত সমাজকৰ্মী অকন শইকীয়াক সম্বৰ্ধনা

বিশ্বনাথ চাৰিআলি

বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজকৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী অকন শইকীয়াক আজি জামুগুৰিহাটৰ মুড়াদ’ল বেবেজীয়া গাৱত সম্বৰ্ধনা জ্ঞাপন কৰে বেবেজীয়া গাওঁ উন্নয়ন সমিতিয়ে। উক্ত গাৱত নিৰ্মান কৰা বৰনামঘৰৰ মনিকুট নিৰ্মান কৰোৱাই দিয়াৰ বাবেই আজি সমাজকৰ্মী গৰাকিক গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ আৰু শৰাইৰে সম্বৰ্ধিত কৰে বেবেজীয়া গাৱৰ ৰাইজে । উল্লেখ্য যে উক্ত বৰনানঘৰৰ গুৰুআসন প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আজি বিয়লি অনুষ্ঠিত হোৱা এক সম্বৰ্ধিত অনুষ্ঠানত সমাজকৰ্মী অকন শইকীয়াৰ বৰ্নিল জীৱন পৰিক্ৰমাৰ ওপৰতো আলোকপাত কৰা হয়। সু-ব্ক্তা প্ৰদীপ ৰায়ে আটধৰা অনুষ্ঠানটোত সমাজকৰ্মী গৰাকিয়ে সৰ্বদা ৰাইজৰ সেৱাৰ বাবে সাজু আছো বুলি উল্লেখ কৰে। তেওঁৰ সিমিত উপাৰ্জনৰ এক অংশ ৰাইজৰ বাবে সদায় উৎসৰ্গা কৰিছে বুলি উল্লেখ কৰি সমাজকৰ্মী গৰাকীয়ে বৰ নামঘৰ ভাগৰ আধৰুৱা কাম আগুৱাই নিবৰ বাবে আজি পুনৰ একৈশ হাজাৰ টকা আগবঢ়ায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close