অসমবিশেষশীৰ্ষ

জামুগুৰিহাটৰ বাপুজী ভৱনত পৰ্য্যালোচনা সভা

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাপুজী ভৱনত বৃহস্পতিবাৰে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি অসম চৰকাৰৰ সকলো বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত হয় চতিয়া সমষ্টিৰ উন্নয়নৰ সফলতা বিফলতাৰ এক পৰ্য্যালোচনা সভা ৷ সভাত প্ৰতিটো বিভাগে ৰূপায়ন কৰা চৰকাৰী আচঁনি সমুহৰ খুটি নাটি ডাঙি ধৰাৰ লগতে আগন্তুক সময়ত সমষ্টিটোৰ সৰ্ব্বসাধাৰণ ৰাইজ উপকৃত হব পৰাকৈ আচঁনি সমুহ সঠিক ভাৱে ৰূপায়নৰ প্ৰতিশ্ৰুতি আগবঢ়ায় ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনিত চতিয়া সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ পঞ্চায়ত কৰ্মী সকলৰ লগতে গাওঁৰক্ষী বাহিনী আৰু গাওঁবুঢ়া সকলো উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close