অসমবিশেষশীৰ্ষ

জামুগুৰিহাটৰ নাট্যৰত্ন ভোলা কটকীলৈ জীৱন জোৰা সাধনা বঁটা

৮৬ তম জন্ম দিৱসত "প্ৰজন্ম উন্মেষ" ৰ পৰা এই বঁটা প্ৰদান

অলপতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰবীন নাট্যশিল্পী, ভ্ৰাম্যমান জগতৰ পিতামহ স্বৰূপ, অসমৰ অভিনয় জগতৰ ধ্বজা বাহক হিচাপে পৰিচিত ভোলা কটকীৰ ৮৬ তম জন্ম দিৱস উদযাপন কৰা হয় । তেখেতৰ জন্মদিন উদযাপন কৰাৰ লগতে অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম উন্মেষৰ তৰফৰ পৰা আজন্ম শিল্পী ভোলা কটকীক ২০২০ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হয় । প্ৰজন্ম উন্মেষ, মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠী, মিলিজুলি সংঘৰ উদ্যোগত এই অনুষ্ঠান জামুগুৰিহাটৰ বাপুজীভবনত অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত বহুতো গন্যমান্য ব্যক্তিৰ লগতে জামুগুৰিহাট, চতিয়া, বিশ্বনাথ চাৰিআলি আদিৰ কেইবাটাও বিভিন্ন দিশৰ প্ৰখ্যাত অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে । প্ৰজন্ম উন্মেষৰ মূল উদ্যোক্তা অৰূপ শইকীয়াই জানিবলৈ দিয়ে যে তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে অনুষ্ঠানভাগত শোণিতপুৰ জিলাৰ ত্ৰিমূৰ্তি ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ পৰিয়াল বৰ্গৰ লগতে শোনিতকোৱৰ গজেন বৰুৱাৰ পৰিয়ালৰলোক বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে । অনুষ্ঠানত আঁত ধৰে সদৌ জামুগুৰিৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উদ্দীপ্ত কাশ্যপে । প্ৰজন্ম উন্মেষৰ হৈ অভিনেতা, নাট্যকাৰ ভোলা কটকীক জীৱন জোৰা সন্মান আগবঢ়াই অৰূপ শইকীয়া, গিৰিমল্লিকা শইকীয়া আৰু গিতীমল্লিকা বৈদ্যই । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ সুঅভিনেতা পৃথিৱীৰাজ ৰাভা, নটসূৰ্যৰ ফনী শৰ্মাৰ পুত্ৰ সু-অভিনেতা সুজিত শৰ্মা, জ্যোতি প্ৰসাদ আগৰৱালাৰ ভতিজা লেখক প্ৰাণজিত হাজৰিকা আৰু বোৱাৰী ৰাজশ্ৰী আগৰৱালা, শোনিতকোৱঁৰ গজেন বৰুৱাৰ পুত্ৰ শংকৰ প্ৰতীম বৰুৱা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মা, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অজিত হাজৰিকা, ড০ অজিত দত্ত , পাছীঘাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য ধৰ্মেশ্বৰ হাজৰিকা আদি কেইবাগৰাকীও বিশিষ্ট লোক অনুষ্ঠানত উপস্থিত থাকি বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে প্ৰজন্ম উন্মেষে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক দেশে বিদেশে ইংৰাজী ভাষাত প্ৰদৰ্শন কৰি আহিছে । অনা-অসমীয়া তথা অ ভাৰতীয় লোকৰ মাজত ভাওনা সংস্কৃতিক জনপ্ৰিয়তা অনাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ মহিৰূহ স্বৰূপ জামুগুৰিহাটৰ বৰ্তমানৰ শ্ৰেষ্ঠতম ব্যক্তি ভোলা কটকী ক এই বঁটা প্ৰদান কৰাৰ বাবে ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। ইয়াৰোপৰিও তেখেতৰ জন্মদিন উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ক্ৰমে দিহা নাম, সঙ্গীত পৰিবেশন, কবিতা আবৃত্তি, বিহু নৃত্য, অভিনয় প্ৰদৰ্শন, সত্ৰীয়া শৈলী নাট প্ৰদৰ্শন, হাজং নৃত্য, মহাৰাস প্ৰদৰ্শন আদিও অনুষ্ঠিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close