অসমবিশেষশীৰ্ষ

জামুগুৰিহাটৰ নাট্যৰত্ন ভোলা কটকীলৈ জীৱন জোৰা সাধনা বঁটা

চন্দন শৰ্মা, জামুগুৰিহাট

অহা ইং ২০ জানুৱাৰী তাৰিখে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰবীন নাট্যশিল্পী, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক আৰু ভ্ৰাম্যমান জগতৰ পিতামহ স্বৰূপ, অসমৰ অভিনয় জগতৰ ধ্বজা বাহক হিচাপে পৰিচিত ভোলা কটকীৰ ৮৬ তম জন্ম দিৱস উদযাপন কৰাৰ লগতে অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম উন্মেষৰ তৰফৰ পৰা নাট্যৰত্ন ভোলা কটকীক ২০২০ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে । আয়োজক কমিটি প্ৰজন্ম উন্মেষ, মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠী, মিলিজুলি সংঘৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে অনুষ্ঠানভাগত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পৃথিৰাজ ৰাভা । ইয়াৰোপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ক্ৰমে দিহা নাম, সঙ্গীত পৰিবেশন, কবিতা আবৃত্তি, বিহু নৃত্য, অভিনয় প্ৰদৰ্শন, সত্ৰীয়া শৈলী নাট প্ৰদৰ্শন, হাজং নৃত্য, মহাৰাস প্ৰদৰ্শনেৰে অনুষ্ঠানভাগৰ কাৰ্যসূচীত অন্তভুক্ত কৰা হৈছে । উক্ত অনুষ্ঠানভাগত সমুহ ৰাইজৰ উপস্থিতি সমুহ উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close