অসম

জামুগুৰিহাটত মৃৎ শিল্পীৰ জৰিয়তে অসমীয়া মহিলাৰ চমক

জামুগুৰিহাট

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত দূৰ্গা পূজাৰ প্ৰতিমা নিৰ্মানৰে চমক সৃষ্টি কৰিছে অসমীয়া মহিলাই ৷ দহ গৰাকীকৈ অসমীয়া মহিলাই নিৰ্মান কৰা প্ৰতিমাৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধশতাধিক দূৰ্গা পূজা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে প্ৰতিমা নিৰ্মানত ব্যস্ত মহিলা সকলে ৷ঘৰৰ সাংসাৰিক ব্যস্ততাৰ মাজতে চেচাসত্ৰ গাওঁৰ এই দহ গৰাকী মহিলাই প্ৰতিমা নিৰ্মাণৰ জৰিয়তে অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনতে চমক সৃষ্টি কৰা বুলি বিভিন্ন জনে মন্তৱ্য কৰিছে ৷ গঞাঁ মহিলা সকলৰ বাৱে অনুপ্ৰেৰণাৰ উৎস হৈ পৰা এই মহিলা মৃৎ শিল্পৰ উদ্যোগটিৰ জৰিয়তে বহুকেইটা পৰিয়াল আৰ্থিক ভাৱে স্বাৱলম্বী হৈ উঠা বুলিও মন্তৱ্য কৰে উদ্যোগটিক নেতৃত্ব দিয়া ববী দাস নামৰ মহিলা গৰাকীয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close