অসমশীৰ্ষ

জামুগুৰিহাটত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক টাইকোৱানডোৰ প্ৰশিক্ষণ প্ৰদান

প্ৰশিক্ষক হিৰণ্য হাজৰিকা আৰু সন্দিপ দাস

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনৰ প্ৰাঙ্গনত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক ২০০৩ চনৰ পৰাই টাইকোৱানডোৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে জামুগুৰিহাটৰ দুই যুৱক হিৰণ্য হাজৰিকা আৰু সন্দিপ দাসে । মূখ্য প্ৰশিক্ষক হিচাপে জামুগুৰিহাটৰ সঞ্জয় গায়নে প্ৰশিক্ষণ প্ৰদান কৰে । জামুগুৰিহাটত ১৯৯৫ চনৰ পৰাই আৰম্ভ হৈছিল সমৰ কলা তথা টাইকোৱানডোৰ প্ৰশিক্ষণ । এই বিশেষ টাইকোৱানডোৰ প্ৰশিক্ষণ মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শণিবাৰে তিনিদিন দিয়া হয় বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ । প্ৰশিক্ষক হিৰণ্য হাজৰিকাই জানিবলৈ দিয়া মতে অহা সোমবাৰৰ পৰা কুসুমটলাস্থিত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত প্ৰশিক্ষণ প্ৰদান আৰম্ভ কৰিব । নিজৰ সন্তানৰ দৈহিক, মানসিক, শাৰিৰীক বিকাশৰ লগতে নিজৰ আত্ম ৰক্ষা কৌশলৰ বাবে সমৰ কলা তথা টাইকোৱানডোৰ প্ৰশিক্ষণ লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি মন্তৱ্য প্ৰদান কৰে প্ৰশিক্ষক হিৰণ্য হাজৰিকাই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close