বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

জম্মু-কাশ্মীৰৰ সকলাে বিদ্যালয় মুকলি

নাগৰিকে অধিকাৰ লাভ কৰি আনন্দিত হৈছে : গৃহ মন্ত্রালয়

আর্টিকল ৩৭০ প্রত্যাহাৰ কৰাৰ পাছত কাশ্মীৰক লৈ বিভিন্ন উদ্বিগ্নতাৰ কাৰক সৃষ্টি হৈছিল। জম্মু-কাশ্মীৰক কেন্দ্রীয় শাসিত অঞ্চললৈ পৰিণত কৰাৰ পাছত অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি হ’ব বুলি আশংকা ব্যক্ত কৰি সান্ধ্য আইন বলৱৎ কৰাৰ লগতে জৰুৰী সেৱাসমূহ কর্তন কৰা হৈছিল। কিন্তু ক্রমশঃ ইয়াৰ পৰিস্থিতি উন্নত হােৱাৰ পাছত জৰুৰী সেৱাসমূহ মুকলি কৰি দিয়া হয়। কেন্দ্রীয় গৃহমন্ত্রনালয়ে জানিবলৈ দিয়া অনুসৰি কাশ্মীৰৰ সকলাে বিদ্যালয় খুলি দিয়া হৈছে যত নাগৰিকসকলে তেওঁলােকৰ অধিকাসমূহ আনন্দেৰে উপভােগ কৰিছে। যােৱা ২০নৱেম্বৰত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে এই কথা স্পষ্ট কৰি কয় যে সম্প্রতি জম্মু-কাশ্মীৰৰ অৱস্থা সুস্থিৰ আৰু শান্ত। ৰাজৰখনৰ ১৯৫টা আৰক্ষী থানাৰ অৱস্থা সুস্থিৰ আৰু সাধাৰণ নাগৰিকে কেন্দ্ৰৰ সিদ্ধান্ত আদৰি লােৱাৰ লগতে নিজৰ অধিকাৰসমূহ সাব্যস্ত কৰি স্বচন্দে জীৱন উপভােগ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close