চলচ্চিত্ৰজগতবিনোদনবিশেষশীৰ্ষ

জন-কাজলৰ ৰােমান্স

বলিউডৰ জনপ্রিয় অভিনেত্রীসকলৰ ভিতৰত অন্যতম কাজল আগৰৱালা আৰু যুৱ প্ৰজন্মৰ অতি জনপ্রিয় অভিনেতা জন আব্রাহামৰ মাজত চলা প্ৰেমৰ বাতৰিয়ে বলি অনুৰাগিৰ মাজত তােলপাৰ লগাইছে। অভিনয় দক্ষতাৰে বলিউডত খােপনি পুতিবলৈ সক্ষম হােৱা কাজলে ইতিমধ্যে ‘বি’ টাউনলৈ আগবঢ়াইছে কেইবাখনাে সুন্দৰ ছবি। কেৱল যে অভিনয়ৰ বাবেই কাজল ‘বি’ টাউনত পৰিচিত তেনে নহয়। কাজলসনা দুচকু আৰু মৰমলগা হাঁহিটোৰ বাবে বি টাউন কাজলৰ আছে এক সুকীয়া পৰিচয়। যাৰ বাবে যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু হিচাপে পৰিচিত কাজল। ব্যতিক্রম নহয় জন আব্রাহামাে। জনৰ ছবি মানেই ছবিগৃহত যুৱতীৰ সমাহৰ। জনক দেখিলে উখল-মাখল বলি অনুৰাগৰ যুৱতী। অৱশ্যে এইবাৰ কাজলৰ প্ৰেমত পৰিছে জন আব্রাহাম। এতিয়া দেশৰ চুকে-কোণে কাজলক বিচাৰি হাবাথুৰি খাইছে জনে। অৱশ্যে ৰীয়েল লাইফত নহয় ৰীল লাইফতহে। চলিত বৰ্ষৰ দুয়ােৰে অভিনীত আহিবলগীয়া নতুন ছবি মুম্বাই ছাগাৰ এটি দৃশ্যহে। এই ছবিখনত জনৰ সৈতে স্ক্রীণ শ্বেয়াৰ কৰিব তামিল অভিনেত্রী কাজল আগৰৱালাই। যাৰবাবে দুয়ােগৰাকী অভিনেতা-অভিনেত্রীক দেশৰ বিভিন্ন প্রান্তৰ খুটিংস্থলীত একেলগে দেখিবলৈ পােৱা গৈছে। সঞ্জয় গুপ্তাৰ পৰিচালনাত নির্মাণ হােৱা এই ছবিখনত জন আৰু কাজলৰ বাহিৰেও আন এগৰাকী ছুপাৰষ্টাৰ ইমৰাণ হাছমিয়াে অভিনয় কৰিছে। তদুপৰি ছবিখনত আছে বহু ৰথী-মহাৰথী। এইসকলৰ ভিতৰত জেকী শ্রফ, সুনীল ছেত্রী, গুলছন গ্রভাৰ আদিৰ দৰে জনপ্রিয় অভিনেতা। অৱশ্যে ছবিখন কেতিয়া মুক্তি লাভ কৰিব সেই বিষয়ে এতিয়াও প্রকাশ কৰা নাই প্রযােজক সংস্থাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close